ফিল্মফেয়াৰলৈ যদি মোক মাতে মই যামঃ জুবিন গাৰ্গ…

ফিল্মফেয়াৰলৈ যদি মোক মাতে মই যামঃ জুবিন গাৰ্গ…

ডিজিটেল ডেস্কঃ ৰাজ্যত কা বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কিছুদিনৰ পাছতে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰক লৈ ৰাজ্যৰ শিল্পী সমাজ দুটাভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। কা বিৰোধী আন্দোলনত নেতৃত্ব লোৱা শিল্পী জুবিন গাৰ্গে শেহতীয়াকৈ ফিল্মফেয়াৰক লৈ নিজৰ সৃষ্টি স্পষ্ট কৰিছে।

শনিবাৰে টংলাত কলাগুৰু সংগীত মহোৎসৱৰ বাকৰিত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে কয়, 'ফিল্মফেয়াৰলৈ যদি মোক মাতে মই যাম। ফিল্মফেয়াৰৰ নিচিনা অনুষ্ঠান হ'ব লাগে, সেইটো মই বন্ধ কৰিবলৈ কোৱা নাই।' ইয়াৰোপৰি খেল ইণ্ডিয়াত গান গোৱাক লৈও তেওঁ কয়, খেল বন্ধ হ'ব নোৱাৰে, খেলো ইণ্ডিয়াৰ গান ময়েই গাইছো।'

ইফালে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সন্দৰ্ভত জুবিনে কয়, CAAক লৈ আমাৰ আন্দোলন চলি আছে, চলি থাকিব।' আমি CAAৰ বিৰুদ্ধে আন্দোলন কৰিছো, ফিল্মফেয়াৰ বা খেলৰ বিৰুদ্ধে কৰা নাই। কিছুমান শিল্পীয়ে ভুলকে লৈছে কথাটো। মিউজিক, স্প'ৰ্টছ আমি বৰ্জন কৰিব নোৱাৰো। সেইটো বৰ্জন কৰিলে আমাৰ নিজৰ লোকচান। ফিল্মফেয়াৰ হওক, মই ভাল পাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in