গুৱাহাটীৰ ৰাজপথত বান সাহায্য বিচাৰি জুবিন গাৰ্গৰ অভিযান

গুৱাহাটীৰ ৰাজপথত বান সাহায্য বিচাৰি জুবিন গাৰ্গৰ অভিযান

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত বানৰ সংহাৰীৰূপত সকলো হেৰুৱাবলগীয়া হোৱা বন্যাৰ্তৰ বাবে ওলাই আহিল ৰাজ্যৰ শিল্পী সমাজ। মঙলবাৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত জুবিন গাৰ্গৰ নেতৃত্বত বান সাহায্য অভিযান কাৰ্যসূচী ৰূপায়ন কৰে শিল্পী সমাজে।

দিনৰ ১১ বজাৰ পৰা মহানগৰীৰ চানমাৰিৰ আভিযান্ত্ৰিক খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বান সাহাৰ্য অভিযান শিলপুখুৰী, গুৱাহাটী ক্লাৱ হৈ জি এছ ৰোডৰে অন্ত পৰে। উল্লেখ্য যে, এই বান সাহাৰ্য অভিযানত জুবিন গাৰ্গ, দিক্ষু শৰ্মা, মন্টুমণি শইকীয়া, গৰিমা শইকীয়াকে আদি কৰি বহুতো গায়ক- অভিনেতা তথা কলা-কুশলীয়ে অংশ লয়।

ইফালে সাহায্য অভিযানৰ মাজতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয়- "এই প্ৰচেষ্টা আমাৰ এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা। আমি মানুহৰ মাজৰ শিল্পী, সেয়েহে মানুহৰ বাবে আমাৰ এই দায়িত্ব।" তদুপৰি কেন্দ্ৰীয় চৰকাৰক এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বিশেষ অনুৰোধ জনায় জনপ্ৰিয় গায়ক দিক্ষুই। আনহাতে শিল্পীসমাজে মহানগৰীৰ বৃহৎ শ্বপিং মলকে ধৰি পদপথৰ ব্যৱসায়ীকো এই বান সাহাৰ্য বিচাৰি অভিযান চলোৱা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in