অমিত শ্বাহেই পণ্ডিত নহয়, শিক্ষিত আমিওঃ কেবৰ বিৰুদ্ধে গৰজি উঠিল জুবিন গাৰ্গ

অমিত শ্বাহেই পণ্ডিত নহয়, শিক্ষিত আমিওঃ কেবৰ বিৰুদ্ধে গৰজি উঠিল জুবিন গাৰ্গ

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূব উত্তাল হৈ আছে। এখন জাতিধ্বংসী বিধেয়ক চৰকাৰে বলপূৰ্বকভাৱে জাপি দিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। কিন্তু জনতাৰ এই প্ৰতিবাদেও গ লৰাব পৰা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ। উত্তৰ-পূবৰ প্ৰতিবাদক ভেঙুচালি কৰি বুধবাৰে ৰাজ্যসভাতো গৃহীত হ'ল এই বিতৰ্কিত বিধেয়কখন। ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষত ভোট দান কৰে ১২৫ জন সদস্যই।

ইফালে সদায় বৰাক ব্ৰহ্মপুত্ৰৰ জাতি, মাটি ভেটি ৰক্ষাৰ কথা কৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখনক লৈ গ্ৰহণ কৰা স্থিতিয়ে ক্ষুব্ধ কৰি তুলিছে ৰাজ্যবাসীক। বিধেয়কখনক লৈ গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতা কৰি ৰাজপথত জ্বলোৱা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ প্ৰতিকৃতি। কিন্তু তাৰ পিছতো অসমীয়াৰ দাবী শুনিবলৈ ইচ্ছুক নহয় 'জাতীয় নায়ক' সৰ্বানন্দ সোণোৱাল।

কেবৰ বিৰুদ্ধে প্ৰথমৰ পৰাই সৰৱ হৈ থকা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে পুনৰ এবাৰ কেবৰ বিৰোধিতা কৰি এই জাতিধ্বংসী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়। তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয়, 'সৰ্বা দা চকু মেলক, কৃষ্ণ কৃষ্ণ কৰি থাকি লাভ নাই, মৌনব্ৰত ভাঙক। মই গীত গাই বিজেপিক অসমত শাসনৰ গাদীত বহুওৱাত সহায় কৰিছিলো। কিন্তু এতিয়া আমিয়েই শাসনৰ পৰা ওফৰাই পেলাবলৈ সাজু হৈছো।'

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক সমালোচনা কৰি জুবিনে কয় যে অমিত শ্বাহে নিজকে পণ্ডিত বুলি ভাৱে। সেয়ে অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ বিধেয়কখন জাপি দিব বিচাৰিছে। তেওঁ কয়, 'শিক্ষিত আমিও। কেৱল অমিত শ্বাহেই পণ্ডিত নহয়। মোডী যদি চাহ দোকানী আছিল, তেন্তে আকৌ চাহ দোকান দিয়কগৈ। বলপূৰ্বকভাবে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দিব বিচাৰিলে আমি সেয়া কেতিয়াও মানি নলও। আমি তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰি যাম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in