জুবিনক ভাবুকিঃ NSUIৰ সদস্য নেকি আক্ৰমণকাৰী!

জুবিনক ভাবুকিঃ NSUIৰ সদস্য নেকি আক্ৰমণকাৰী!

ডিজিটেল ডেস্কঃ বুধবাৰে মাজনিশা গুৱাহাটী মহানগৰীৰ মাজভাগত জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপতে এখন মাৰুতি চিয়াজ বাহনেৰে জুবিন গাৰ্গ আহি থকা গাড়ীখনক আগভেটি ধৰিছিল। তাৰ পিছতে সেই বাহনখনৰ পৰা কেইজনমান যুৱক নামি গৈ জুবিনক ভাবুকি প্ৰদান কৰিছিল।

মাজনিশা জুবিন আহি থকা গাড়ীখনৰ AS01EJ9999 আৰু বাহনখনৰ মডেল আছিল ISU2। জুবিনে দিছপুৰ থানাত ৰুজু কৰা এজাহাৰত উল্লেখ কৰিছে যে, ভাবুকি প্ৰদান কৰিবলৈ অহা যুৱককেইজনৰ হাতত আছিল বিয়েৰৰ বটল। জুবিনৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়েও খৰকটীয়াকৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে কিছু তথ্য। যিখন গাড়ীয়ে জুবিনক মাজনিশা আগভেটি ধৰিছিল সেই গাড়ীখনৰ স্বাতাধিকাৰী গৰাকীৰ নাম হৈছে হীৰক ৰাজবংশী। এন এছ ইউ ৱাই জিলা সভাপতি হিচাপে কৰ্মৰত বুলি ফেচবুক প্ৰফাইল উল্লেখ থকা যুৱকগৰাকীৰ বাহনখনৰ নম্বৰ হৈছে AS 01 BY 0675।

আৰক্ষীয়ে বৰ্তমানেও হীৰক ৰাজবংশী নামৰ যুৱকগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। হীৰক ৰাজবংশী ওৰফে টিকু নামৰ এই যুৱকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি এই দলটোত থকা সকলোকে অচিৰেই কৰায়ত্ত কৰাৰ দাবী তুলিছে অনুৰাগী সকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in