পুৱাই জুবিনৰ পোষ্টঃ  Nooooo CAB .we wl destroy it.

পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবেই চৰকাৰ তথা প্ৰশাসনৰ ৰোষত পৰিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। বিগত দিন সমূহত কেবৰ বিৰুদ্ধে শিল্পীজনে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবেই ডিব্ৰুগড়ত অনুুষ্ঠান পৰিৱেশনত বাধা আৰোপ কৰিলে প্ৰশাসনে। নিৰাপত্তাৰ দোহাই দি জুবিনক অনুষ্ঠান পৰিৱেশনত বাধা প্ৰদান কৰাৰ কথা প্ৰশাসনে প্ৰকাশ কৰিলেও ইয়াৰ সন্দৰ্ভত আগতীয়াকৈ শিল্পীজনক কোনো কথাই জনোৱা হোৱা নাছিল।

ডিব্ৰুগড়ৰ চৌকিডিঙীত সংগীত পৰিৱেশনত প্ৰশাসনে বাধা আৰোপ কৰাৰ পাছত দেওবাৰে পুৱাই জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত দিয়ে এক আপডেট। হাতৰ গীতাৰ লৈ সংগীত পৰিৱেশন কৰি থকাৰ এখন আপলোড কৰি জুবিনে লিখিছে- Nooooo CAB .we wl destroy it.

উল্লেখযোগ্য যে পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে। CAB কোনো কাৰণতে মানি লোৱা নহ'ব বুলি বহুবাৰ স্পষ্ট কৰি দিছে জুবিনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in