চুকতে থাকি জুবিনক বুকুত কামোৰা কোন এই ‘চাও জীতুমণি’?

3,437

ডিজিটেল সংবাদ, গুৱাহাটীঃ  ‘ঘেন্টা কাকো খাটিৰ নকৰো। মই জুবিন বলীয়া।’ চুকতে থাকি বুকুতে কামোৰা যুৱকজনৰ ফেচবুক প্ৰফাইলৰ ইন্ট্ৰ’ত এইদৰেই লিখা আছে। এজন কমবয়সীয়া যুৱক৷ টি-ছাৰ্টত কঢ়িয়াই ফুৰে প্ৰিয় শিল্পীক৷ ইমানেই নহয়, প্ৰিয় শিল্পীক কিমান ভালপায় সেয়া প্ৰমাণ কৰি দেখুৱাবলৈ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল ফেন ক্লাৱৰ সৈতে৷

জুবিন ফেন ক্লাবৰ অন্যতম সদস্য যুৱকজন৷ সেই সূত্ৰে তেওঁ জুবিনৰ সৈতে অতি ঘনিষ্ঠ৷ জুবিনৰ কথা কোনোৱে বেয়াকৈ ক’ব সেয়া তেওঁৰ সহ্য নহয়৷ লাগিলে সেয়া গঠনমূলক সমালোচনাই নহওক কিয়৷ ফেচবুকত কোনোৱে গঠনমূলক সমালোচনা কৰিলেই আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে যুৱকজন৷ কাৰণ তেওঁ জুবিন বলীয়া বুলি নিজেই স্বীকাৰ কৰিছে। তাতে আকৌ কাকো খাটিৰ নকৰা স্বভাৱ।

এনেদৰে জুবিনৰ প্ৰতি অধিক ভালপোৱা দেখুৱাবলৈ গৈ এটা সময়ত নিজৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে যুৱকজনে৷ জুবিনক সমালোচনা কৰা লোকক আক্ৰমণ কৰাটোৱেই হৈ পৰিছিল তেওঁৰ বাবে মাৰাত্মক নিচাস্বৰূপ৷

প্ৰিয় শিল্পীৰ সৈতে চুকতে থাকি বুকুতে কামোৰা চাও জীতুমণি

ইয়াৰ মাজতে হোজাই মহাবিদ্যালয়ৰ স্নাতক মহলাৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰ চাও জীতুমণি গগৈ নামৰ যুৱকজনে অব্যাহত ৰাখিছিল প্ৰিয় শিল্পীগৰাকীৰ আৰু অধিক কাষ চাপিবলৈ৷ তাৰ বাবে কিছুদিন পূৰ্বে জুবিনক সততে সমালোচনা লুইত কুমাৰ বৰ্মন নামৰ লোকজনক টাৰ্গেট কৰি লয় জীতুমণিয়ে৷

কু-বুদ্ধিৰে জীতুমণিয়ে হোৱাটছএপত আন এজনৰ সহযোগত স্ক্ৰীণশ্বট এপেৰে লুইত কুমাৰ বৰ্মনৰ ফেচবুক একাউণ্টৰ নামত ভুৱা পোষ্ট এটাৰ স্ক্ৰীণশ্বট ফেন ক্লাবৰ গ্ৰুপত আপলোড কৰে৷ শিল্পী জুবিন গাৰ্গক উদ্দেশ্যি অশ্লীল মন্তব্যৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰা স্ক্ৰীণশ্বটতো গ্ৰুপত আপলোড কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে লুইত কুমাৰ বৰ্মনক পোষ্টটো লিখি কিয় ডিলিট কৰিছে বুলি প্ৰশ্ন কৰি জবাবদিহি কৰে৷ পৰিস্থিতি এনে পৰ্যায় পাই যে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দিছপুৰ থানাত লুইত কুমাৰ বৰ্মন নামৰ লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷

লুইত কুমাৰ বৰ্মনেও সেয়া তেওঁ কোনোপধ্যে কৰা নাই বুলি দাবী কৰি যিটো একাউণ্টৰ পৰা স্ক্ৰীণশ্বট প্ৰথম শ্বেয়াৰ কৰা হৈছে সেই একাউণ্টটোৰ গৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু অধিকাংশ জুবিন অনুৰাগীয়ে সততে জুবিনক সমালোচনা কৰি অহা বাবে লুইত বৰ্মনেই তেনে পোষ্ট দিছে বুলি দাবী কৰি ভিন্ন মন্তব্যৰ থকা-সৰকা কৰে৷

 

অৱশেষত প্ৰায় এসপ্তাহৰ অন্তত উন্মোচিত হয় সত্য৷ শনিবাৰে নিশাই মহানগৰ আৰক্ষীয়ে নগাঁৱৰ পৰা কৰায়ত্ত কৰে জুবিনক টি-ছাৰ্টত কঢ়িয়াই ফুৰা জীতুমণিক৷ দেওবাৰে জেৰাৰ অন্তত সমগ্ৰ ঘটনা স্বীকাৰ কৰে জীতুমণিয়ে৷ প্ৰিয় শিল্পীক কৰা সমালোচনাৰ বাবেই বৰ্মনৰ বিৰুদ্ধে পোতক তুলিবলৈ তেনে কাম কৰা বুলি অাৰক্ষীক জানিবলৈ দিয়ে যুৱকজনে৷ আৰক্ষীয়ে স্ক্ৰীণশ্বট এপেৰে ভুৱা স্ক্ৰীণশ্বট ক্ৰিয়েট কৰি পোষ্ট কৰা মূল অপৰাধীৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।

যুৱকজনে সমগ্ৰ কাণ্ড স্বীকাৰ কৰাৰ পিছতে কেবাদিনো ধৰি মানসিক যন্ত্ৰণা ভোগ কৰি থকা বৰ্মনে স্বস্তিৰ নিশ্বাস পেলোৱাৰ বিপৰীতে হতভম্ব হৈ পৰিছে শিল্পীগৰাকীৰ অনুৰাগীসকল৷ এগৰাকী অনুৰাগী হৈয়ো কিদৰে এনে কাম কৰিব পাৰিলে বুলিও ভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছে৷ বিশেষকৈ এজন কম বয়সীয়া যুৱকে ভুৱা পোষ্টটোত শিল্পীগৰাকীৰ পত্নী সন্দৰ্ভত যি অশ্লীল মন্তব্য কৰিছে সেয়া ঘৃণনীয় বুলিও মন্তব্য কৰিছে সকলোৱে৷

ইফালে যুৱকজনৰ পৰিয়ালৰ লোকসকলে লুইত কুমাৰ বৰ্মন আৰু তেওঁৰ অধিবক্তাই ভাষ্য সলনি কৰিবলৈ হেঁচা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অৱশ্যে পৰিয়ালৰ লোকসকলৰ উক্ত অভিযোগ নাকচ কৰিছে বৰ্মনে। যুৱকজনে কাৰ পৰা স্ক্ৰীণশ্বট পাইছিল সেই কথা ক’বলৈ কৈছিল বুলিহে জনায় বৰ্মনে।

এনে পৰিপ্ৰেক্ষিততে সচেতন লোকসকলে এতিয়া শিল্পীগৰাকীক এনে অনুৰাগীসকলৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈকো আহ্বান জনাইছে৷ অন্যাথা শিল্পীগৰাকীয়ে অনাগত দিনত ইয়াতকৈও ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি