জু-ৰোডত আৰক্ষীৰ সন্মুখতে ‘আৰক্ষী’ক প্ৰহাৰ সুৰাসক্ত যুৱকৰ… EXCLUSIVE VIDEO

জু-ৰোডত আৰক্ষীৰ সন্মুখতে ‘আৰক্ষী’ক প্ৰহাৰ সুৰাসক্ত যুৱকৰ… EXCLUSIVE VIDEO

ডিজিটেল ডেস্কঃ মহানগৰীত এতিয়া নিৰাপত্তা নাই সাধাৰণ লোকৰ। মাজনিশা সুৰাসক্ত যুৱকক ৰক্ষণা বেক্ষণ দিয়াৰ চেষ্টা কৰে খোদ আৰক্ষীয়ে। সহকৰ্মী আৰক্ষী সুৰাসক্ত যুৱকৰ আক্ৰমণৰ বলি হোৱাৰ পাছত নীৰৱ দৰ্শক হৈ চাই ৰয় একাংশ আৰক্ষী।

দেওবাৰৰ দিনা সেই দৃশ্য বন্দী হ'ল জু-ৰোডত। এজন যান-বাহন আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰি গ'ল এগৰাকী যুৱতী আৰু এজন যুৱকে। উল্লেখযোগ্য যে এই বৰা উপাধিধাৰী অসম আৰক্ষীৰ কনিষ্টবল জনে দীৰ্ঘদিন ধৰি সেই স্থানত কৰ্তব্যত নিয়োজিত হোৱাৰ সূত্ৰে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত যুৱক-যুৱতীক সুৰক্ষা প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈ আহিছে।

প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা ভিডিঅ'ত পোহৰলৈ অহা তথ্য মতে, এই আৰক্ষী কনিষ্টবলজনে প্ৰথমে সেই স্থানত নিশা ১ বজালৈকে থকা সুৰাসক্ত যুৱক-যুৱতীসকলক বাধা দিয়াৰ সলনি সেয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কৰিবলৈ দিছে আৰু মই কোন বুলি মন্তব্য কৰি নিজকে গা এৰা দিবলৈ চেষ্টা কৰে।

কেমেৰাত বন্দী হোৱা দৃশ্যত স্পষ্টকৈ দেখা পোৱা গৈছে যে কিদৰে আৰক্ষীক সেই স্থানত প্ৰহাৰ কৰা হৈছিল। চৰকাৰী নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়তকৈ বহু দেৰিলৈকে সেই বাৰ সমূহ খোলা ৰাখিবলৈ দিয়ে আৰক্ষীয়ে।

আনকি বাৰৰ পৰা ওলোৱা যুৱক-যুৱতীক আৰক্ষীয়ে অট' বা আন বাহনত যোৱাৰ ব্যৱস্থা কৰি দিয়ে। তাৰ বিনিময়ত কমিছন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় লোকে। দেওবাৰৰ নিশা তেনে এক 'ক্ৰিষ্টেল' বাৰৰ পৰা নামি অহা যুৱক-যুৱতীৰ সৈতে সৃষ্টি হোৱা খণ্ডযুদ্ধত জু-ৰোডতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

যি সময়ত আৰক্ষীয়ে সাধাৰণ চোৰ-ডকাইতক কৰায়ত্ত কৰিব নোৱাৰে, সেই সময়ত এচাম সুৰাপায়ী লোকক সুৰক্ষা দিয়াৰ নামত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো সেই দৃশ্য গ্ৰহণ কৰাত বাধা আৰোপ কৰিলে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই সমগ্ৰ কাণ্ডৰ তদন্ত কৰিলে ওলাই পৰিব মহানগৰত আচলতে আৰক্ষীয়ে আইন শৃংখলা নিয়ন্ত্ৰণৰ নামত কি কাৰ্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in