নকৰো চীনা কোম্পানীত চাকৰি! জ্বলাই দিলে Zomatoয়ে দিয়া টি-চাৰ্ট…

নকৰো চীনা কোম্পানীত চাকৰি! জ্বলাই দিলে Zomatoয়ে দিয়া টি-চাৰ্ট…

ডিজিটেল ডেস্কঃ লডাখৰ গালৱানত সংঘটিত হোৱা সংঘৰ্ষৰ পাছতে ভাৰতত এটা ধাৰা আৰম্ভ হৈছে যে, চীনা সামগ্ৰী বৰ্জন কৰিব লাগে। সেই ধাৰাকে অনুকৰন কৰি ঘৰে ঘৰে খাদ্য যোগান ধৰা এপ আধাৰিত প্ৰতিষ্ঠান জামাট'ৰ একাংশ কৰ্মচাৰীৰ ওপৰতো পৰিছে ভাৰত-চীনৰ সংঘাতৰ প্ৰভাৱ। শেহতীয়াকৈ কলকাতাত জামাট'ৰ একাংশ কোম্পানীয়ে তেওঁলোকৰ প্ৰদান কৰা টি-চাৰ্ট ফালি জুইত জ্বলাই চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী একাংশ কৰ্মচাৰীয়ে আনকি জামাট'ৰ চাকৰিও বাদ দিছে আৰু আহ্বান কৰিছে যে জামাট'ৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰি কোনো ভাৰতীয়ই যাতে চীনক লাভাৱাম্বিত নকৰে। উল্লেখ্য যে, ভাৰতত জামাট'ৰ এখন বৃহৎ বজাৰ আছে। চীনৰ কোম্পানী আলীবাবাৰ সৈতে জড়িত এটি সংস্থাই ২০১৮চনত জামাট'ত বিনিয়োগ কৰিছিল প্ৰায় ২১কোটি ডলাৰ। আলীবাবাই লগতে জামাট'ৰ ১৪.৭শতাংশ শ্বেয়াৰো ক্ৰয় কৰিছে।

উল্লেখ্য যে, যোৱা মে' মাহত দেশত জামাট'ত কৰ্মৰত প্ৰায় ১৩ শতাংশ কৰ্মচাৰী কোৰোনা মহামাৰীৰ গউনা লৈ চাকৰিৰ পৰা খেদি দিছিল। সেই সময়ত জামাট'য়ে এই বিষয়ৰ সন্দৰ্ভত নিমাত থকাৰ লগতে উলিয়াই দিয়া কৰ্মচাৰী সকলেও কোনো প্ৰতিবাদ কৰা নাছিল। শেহতীয়াকৈ একাংশই সন্দেহ প্ৰকাশ কৰিছে যে, প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মচাৰীসকল সেই চাকৰি হেৰুৱা কৰ্মচাৰীও হ'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in