ৰাজস্থানত জিকা ভাইৰাছৰ আতংক, আক্ৰান্ত ৫০ জন

ৰাজস্থানত জিকা ভাইৰাছৰ আতংক, আক্ৰান্ত ৫০ জন

ডিজিটেল ডেস্কঃ ৰাজস্থানত জিকা ভাইৰাছৰ আতংকই তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ চিকিৎসা বিভাগে সদৰী কৰা অনুসৰি জয়পুৰ জিলাত প্ৰায় ৫০ জন লোক মাৰাত্মক বীজানুবিধৰ কবলত পৰিছে৷

আনহাতে, আক্ৰান্তসকলৰ ভিতৰত ১১ গৰাকীয়েই গৰ্ভাৱতী মহিলা বুলিও জানিব পৰা গৈছে৷ এই ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু নহ'লেও জিকা ভাইৰাছৰ সংক্ৰামণক লৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ লগতে ৰাজ্যবাসী শংকিত হৈ পৰিছে৷

আনফালে, ৰাজ্যখনত জিকা ভাইৰাছৰ সংক্ৰামণৰ কাৰণ জানিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৭ গৰাকী চিকিৎসক-গৱেষকক ৰাজস্থানলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, ২১ চেপ্তেম্বৰত এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা প্ৰথম এই ভাইৰাছৰ সংক্ৰামণৰ বলি হৈছিল বুলি ইতিমধ্যে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ জিকা ভাইৰাছত গৰ্ভাৱতী মহিলাসকল আক্ৰান্ত হোৱাত গৰ্ভৰ সন্তানৰ পূৰ্ণাংগ বিকাশত বাধাৰ সন্মুখীন হ'ব বুলি চিকিৎসকসকলে আশংকা কৰিছে৷ যাৰ ফলত ৰাজ্যখনৰ চিকিৎসা বিভাগ এই ৰোগ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে৷

উল্লেখ্য যে, এই ভাইৰাছ প্ৰতিৰোধৰ বাবে কোনো ঔষধ বৰ্তমানলৈ উপলব্ধ নহয়৷ সেয়েহে সাৱধনতা অৱলম্বন কৰি ৰাজ্যখনৰ নাগৰিকসকলৰ এই ৰোগৰ পৰা বাচি থাকিবলৈ চিকিৎসকসকলে পৰামৰ্শ দিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in