ৰে’লৱেৰ নতুন উপহাৰ, এইবাৰ মোবাইলতে জিৰ’ এফআইআৰ

ৰে’লৱেৰ নতুন উপহাৰ, এইবাৰ মোবাইলতে জিৰ’ এফআইআৰ

ডিজিটেল ডেস্কঃ ৰে'ল যাত্ৰীসকলে শীঘ্ৰই এক মোবাইল এপৰ জৰিয়তে ৰে'লযাত্ৰাৰ সময়তে গোচৰ ৰুজু কৰিব পাৰিব৷ 'জিৰ' এইএফআৰ'ৰ ভিত্তিত ইয়াক গ্ৰহণ কৰি আৰপিএফ-এ তৎকালীনভাৱে এই গোচৰৰ ওপৰত তদন্ত চলাব পাৰিব৷ দেওবাৰে আৰপিএফৰ এগৰাকী জ্যেষ্ঠ নেতাই এই তথ্য সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে৷

নিৰ্যাতন, চুৰি, মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধ আদি ধৰণৰ অভিযোগ মোবাইল এপৰ জৰিয়তে কৰাৰ বাবে এক পৰীক্ষণমূক ব্যৱহাৰ ইতিমধ্যে মধ্য প্ৰদেশত কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে আৰপিএফৰ বিষয়াগৰাকীয়ে৷

এই সন্দৰ্ভত আৰপিএফৰ মহানিৰ্দেশক অৰুণ কুমাৰে কয়, 'যাত্ৰীসকলে এতিয়া অভিযোগ দাখিল কৰিবলৈ পৰৱৰ্তী ষ্টেছন পোৱালৈ অপেক্ষা কৰিব নালাগে৷ তেওঁলোকে মোবাইল এপৰ জৰিয়তে তেওঁলোকৰ অভিযোগ দাখিল কৰিব পাৰিব আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে তৎকালীন ভাৱে ৰে'লৱে সুৰক্ষা কৰ্মী উপস্থিত হ'ব পাৰিব৷'

আনহাতে এই অভিযোগসমূহ 'জিৰ' এফআইআৰ' হিচাপে ধৰা হ'ব বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে৷ জিৰ' এফআইআৰ হৈছে তেনে এক সুবিধা যি প্ৰথমে যিকোনো আৰক্ষী চকীতে প্ৰাথমিক এজাহাৰ দাখিল কৰিব পাৰি৷ ইয়াৰ পিছত উপযুক্ত থানালৈ গোচৰটো স্থানান্তৰিত কৰা হয়৷

উল্লেখ্য যে, বৰ্তমান সময়ত যদি কোনো ৰে'ল যাত্ৰীয়ে অভিযোগ দাখিল কৰিব লাগে, তেন্তে টিকট নিৰীক্ষকৰ ওচৰত উপলব্ধ অভিযোগ ফৰ্ম প্ৰথমে পূৰণ কৰিব লগা হয়৷ ইয়াৰ পিছত এই ফৰ্মখন পৰৱৰ্তী ষ্টেছনত জিআৰপি অথবা আৰপিএফৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়৷ এনে পৰ্যায়ত অভিযোগ দাখিল হওতে আৰু তাৰ তদন্ত আৰম্ভ হওতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷

কিন্তু মোবাইল এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পৰা হ'লে খুব কম সময়ৰ ভিতৰতে ৰে'ল যাত্ৰীয়ে অভিযোগ দাখিল কৰিব পাৰিব আৰু আৰপিএফ-এ তাৎক্ষণিকভাৱে ইয়াৰ তদন্ত আৰম্ভ কৰিব পাৰিব৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in