ভাৰত চৰকাৰৰ এন এছ চি এন (আই এম)ৰ সামূহিক নেতৃত্বক জেদ প্লাছ নিৰাপত্তা…

ভাৰত চৰকাৰৰ এন এছ চি এন  (আই এম)ৰ সামূহিক নেতৃত্বক জেদ প্লাছ নিৰাপত্তা…

ডিজিটেল সংবাদ, বেকাজানঃ নাগা নেচনেল পলিটিকেল গ্ৰুপৰ নেতাক ভাৰত চৰকাৰে এন এছ চি এন আই এমৰ শীৰ্ষ নেতৃত্বতৰ দৰে জেদ প্লাছ কেটেগ'ৰীৰ নিৰাপত্তা দিয়াৰ বাবে ৰাজ্যপাল আৰ এন ৰবিয়ে গৃহমন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰা বিষয় সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে এন এছ চি এন ইশ্বাক -মুইভা গোটে । মঙলবাৰে ডিমাপুৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয়ৰ পৰা গভাৰ্ণমেণ্ট অব্ পিপলছ ৰিপাবলিক অব্ নাগালিম চৰকাৰৰ গৃহমন্ত্ৰ্যালয়ে জাৰি কৰাৰ এক প্ৰেছবাৰ্তাত এই বুলি কোৱা হৈছে যে ভাৰত চৰকাৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ সামূহিক নেতৃত্বক দিল্লীত ২৪ ঘণ্টাই জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰাৰ কথাটোৱে দৰাচলতে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ গভীৰ ছিৰিয়াছনেছৰ কথাকে সূচায় ।

কিয়নো নতুন দিল্লীৰ আমন্ত্ৰণক্ৰমে ইশ্বাক ছিছি শ্বু আৰু থুইংগালেং মুইভাসহ সামূহিক নেতৃত্বত ভাৰতলৈ আহিছে। ভাৰত চৰকাৰে এন এছ চি এনৰ নগা সশস্ত্ৰ সংগ্ৰাম সামৰিক সমাধান সম্ভৱ নহয় বুলি উপলব্ধি কৰাৰ বাবে ১৯৯৭ চনত থাইলেণ্ডৰ ৰাজধানী বে‌ংককত যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰ কৰিছিল । ১৯৯৫ চনত তেতিয়াৰ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ফ্ৰান্সৰ ৰাজধানী পেৰিছত এন এছ চি এনৰ অধ্যক্ষ ইশ্বাক ছিছি শ্বু আৰু সাধাৰণ সম্পাদক থুইংগালেঙ মুইভাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হৈছিল।

উক্ত আলোচনাত ইশ্বাক ছিছি শ্বুৱে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ সন্মুখত শান্তি আলোচনা আৰু যুদ্ধ বিৰতিৰ বাবে এটা চৰ্ত ৰাখিছিল যে যদি ভাৰত চৰকাৰে নগা সমস্যাক ৰাজনৈতিক মান্যতা প্ৰদান কৰে তেতিয়াহে আলোচনা বহিব। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে নগা সশস্ত্ৰ আন্দোলনক ৰাজনৈতিক মান্যতা প্ৰদান কৰাৰ পিছতে ১৯৯৭ চনত দুয়োপক্ষৰ মাজত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হয় । এন এছ চি এনৰ সৈতে ভাৰত চৰকাৰৰ বিদেশৰ মাটিত প্ৰায় এঘাৰলানী আলোচনাৰ অন্তত ১১ জুলাই ২০০২ চনত আমষ্টাডামত 'জইণ্ট কমিনিউক' চুক্তিৰ জৰিয়তে নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসক স্বীকৃতি প্ৰদান কৰে।

ইয়াৰ পিছত আলোচনা সঠিক দিশত আগবঢ়াত ভাৰত চৰকাৰে এন এছ চি এনৰ শীৰ্ষ নেতৃত্বতক নতুন দিল্লীলৈ আলোচনাৰ বাবে আমন্ত্ৰণ কৰে। অৱশ্যে সেই সময়ত ভাৰত চৰকাৰে ইশ্বাক ছিছি শ্বু আৰু থুইংগালেঙ মুইভাসহ এন এছ চি এনৰ সামূহিক নেতৃত্বতক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে । ভাৰত চৰকাৰৰ নিৰাপত্তা প্ৰতিশ্ৰুতি লাভ কৰা পিছত এন এছ চি এনে ভাৰত আগমনৰ পথ সুগম কৰিব বাবে ১৮ নবেম্বৰ ২০০২ চনত ইটালীৰ মিলান চহৰত এন এছ চি এনৰ বিৰুদ্ধে থকা বেআইনী কাৰ্য কলাপ প্ৰতিৰোধী প্ৰত্যাহাৰ কৰি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

এই মিলান চুক্তি আধাৰতে ২০০২ চনৰ শেষত ইশ্বাক ছিছি শ্বু আৰু থুইংগালেঙ মুইভাসহ এন এছ চি এনৰ সামূহিক নেতৃত্বতই ভাৰতীয় চোৰাংচোৱা সংস্থাৰ আই বিৰ মুখ্য কাৰ্যালয়ত প্ৰবেশ কৰাৰ সময়ত জেদ প্লাছ সুৰক্ষা প্ৰদান কৰে। তেতিয়াৰ পৰাই দিল্লীত এন এছ চি এনৰ শীৰ্ষ নেতাক ২৪ ঘণ্টাই জেদ প্লাছ নিৰাপত্তা কৰা বিষয়টোৱে দৰাচলতে নগা সমস্যাৰ সমাধানত ভাৰত চৰকাৰে লোৱা গুৰুত্বৰ কথাটোৰ ইংগিত দিয়ে । এন এছ চি এনে কয় যে- ভাৰত চৰকাৰ সম্পূৰ্ণ অৱগত যে নগা ৰাজনৈতিক সমস্যা কোন উত্থাপন কৰিছে আৰু তেওঁলোকক কিয় হাই প্ৰফাইল সুৰক্ষা প্ৰদান কৰাটো আৱশ্যক । কাৰণ ভাৰত চৰকাৰে জানে যে নগা সমস্যাক কেতিয়াও অৱহেলা কৰিব নোৱাৰি । এন এছ চি এন আই এমে কয়- নগা ৰাজনৈতিক পৰিচয়ৰ কোনে কাম কৰিছে সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in