এতিয়াৰে পৰা সকলো সময়তে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থাকিব ‘Z’কেটেগৰীৰ সুৰক্ষা…

এতিয়াৰে পৰা সকলো সময়তে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থাকিব ‘Z’কেটেগৰীৰ সুৰক্ষা…

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা সমগ্ৰ দেশতে Z কেটেগৰীৰ সুৰক্ষাবেহুত থাকিব প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। উল্লেখ্য যে, বৰ্তমানেও মন্ত্ৰী গৰাকী Zকেটেগৰীৰ সুৰক্ষাবেহুতে থাকে যদিও এই সুৰক্ষা আছিল কেৱল অসমৰ পৰিসীমাৰ ভিতৰতে। কিন্তু চোৰাংচোৱাৰ এক প্ৰতিবেদনৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে, এতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশতে এই সুৰক্ষা বেহুতে থাকিব। উল্লেখ্য যে, আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in