অৱসৰ, যুৱৰাজে ক’লেঃ এই সিদ্ধান্ত মোৰ বাবে বৰ কষ্টকৰ…

অৱসৰ, যুৱৰাজে ক’লেঃ এই সিদ্ধান্ত মোৰ বাবে বৰ কষ্টকৰ…

ডিজিটেল ডেস্কঃ সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে যুৱৰাজ সিঙে। ২০১১ চনৰ বিশ্বকাপৰ নায়ক যুৱৰাজে মুম্বাইৰ এক সংবাদমেলত কৰে এই ঘোষণা। আৱেগিক হৈ ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈজনে অৱসৰ ঘোষণা কৰি ক'লে- এই সিদ্ধান্ত মোৰ বাবে বৰ কষ্টকৰ।

ভাৰতৰ ক্ৰিকেট জগতত যুৱৰাজৰ আছে এখন সুকীয়া আসন। যুৱৰাজে কেৰিয়াৰত ভাৰতৰ হৈ ৪০ খন টেষ্ট, ৩০৪ খন এদিনীয়া, ৫৮ খন আন্তৰাষ্ট্ৰীয় টি টুৱেন্টি মেচ খেলিছে। ২০১১ চনত ভাৰতে বিশ্বকাপ জয় কৰা ক্ষেত্ৰত যুৱৰাজৰ অৱদান আছিল উল্লেখ্যনীয়। এই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰিছিল যুৱৰাজে।

ক্ৰিকেটপ্ৰেমীয়ে যুৱৰাজৰ খেল উপভোগ কৰি লাভ কৰিছিল এক অন্য সোৱাদ। ২০০৭ চনত টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন মেচত এটা অভাৰতে ৬ টাকৈ ছয় কোবাইছিল যুৱৰাজে। টি২০ ত এই ৰেকৰ্ড কেৱল আছে যুৱৰাজৰ নামত।

কেইটাবছৰৰ পূৰ্বে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ যুৱৰাজৰ ক্ৰিকেটৰ যাত্ৰাৰ গতি কিছু লেমেহীয়া হৈছিল যদিও পিছৰ মেচ সমূহত পুনৰ তেও পূৰ্বৰ চন্দ ঘূৰাই পাইছিল। বাঁও হতীয়া বেটছমেন গৰাকীয়ে স্পিনাৰ বলিঙৰ ক্ষেত্ৰতো আছিল দখল। বিশ্বকাপ চলি থকা মাজতে ২০১১ বিশ্বকাপৰ নায়ক গৰাকীৰ অৱসৰ ঘোষণাই ক্ৰিকেটপ্ৰেমী সকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in