ওদালগুৰিত একাধিক যুৱক-যুৱতী নিৰুদ্দেশ, আলফা(স্বা)ত যোগদানৰ আশংকা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত বহু আগৰে পৰা গোপনে আলফাই নিজৰ সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক-যুৱতী নিৰুদ্দেশ হোৱা বাতৰি বাতৰি কাকতত প্ৰকাশ হৈ অহাৰ বিপৰীতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা সময়ে সময়ে যুৱক-যুৱতী নিৰুদ্দেশৰ বাতৰি প্ৰকাশ হৈ আহিছে।

ইয়াৰে একাংশ যুৱক-যুৱতীৰ সন্ধান লাভ কৰাৰ বিপৰীতে আন একাংশৰ শুংসূত্ৰ এতিয়াও লাভ কৰিব পৰা নাই আৰক্ষী অথবা পৰিয়ালৰ লোকে। ক'ত হেৰুৱাইছে এজনৰ পাছত আনজন যুৱক-যুৱতী? সেয়া এতিয়ালৈ ৰহস্যৰ আৱৰ্তত যদিও বৰ্তমান জিলাখনত আলফাই নিজৰ সদস্য ভৰ্তি অভিযান গোপনে চলাই থকালৈ লক্ষ্য ৰাখি কেতবোৰ বিস্ফোৰক প্ৰশ্নৰ উদ্ভৱ হৈছে।

এইসকল নিৰুদ্দিষ্ট যুৱক-যুৱতীৰ একাংশ‌ই যে আলফাত যোগদান কৰা নাই, সেই সন্দেহ সম্পূৰ্ণৰূপে নস্যাৎ কৰিব পৰা নাই ওদালগুৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে। তেনে এক সময়তে পোহৰলৈ আহিছে কেতবোৰ নতুন ঘটনা। জিলাখনৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী গাঁওৰ শশাংক নাথ নামৰ যুৱকজন বিগত প্ৰায় ডেৰমাহ পূৰ্ৱে নিজৰ বাসগৃহৰ পৰা লগৰীয়াৰ সৈতে ওলাই যাও বুলি আজি পৰ্যন্ত ঘৰলৈ উভতি নাহিল।

শশাংকৰ পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়া মতে ল'ৰাজন নিৰুদ্দেশ হোৱাৰ পাছতেই পৰিয়ালে আৰক্ষীক জনোৱাৰ পাছত কলাইগাওঁ আৰক্ষী-সেনাৰ এটা দলে শশাংকৰ বাসগৃহত উপস্থিত হৈ ল'ৰাজন সংগঠনত যোগদান কৰাৰ ইংগিত প্ৰদান কৰিছিল। অৰ্থাৎ সেই সময়তেই আৰক্ষীৰ সূত্ৰে ঘটনাৰ বিষয়ে কিছু সন্দেহজনক তথ্য লাভ কৰিছিল।

কিছুদিন পূৰ্বে ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰঙ্গাবাৰী গাওঁত সেনা-আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আলফাৰ দুই লিংকমেন ক্ৰমে বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকা আৰক্ষীৰ জালত পৰাৰ পাছত দুয়োজন লোকৰ পৰা আৰক্ষীয়ে লাভ কৰা তথ্যৰ অন্তত ওদালগুৰি আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল। ওদালগুৰি আৰক্ষী অধীক্ষকে সাংবাদিকক জনোৱা মতে উক্ত দুয়োজন লোকে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শশাংক নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকা নামৰ তিনিজন যুৱকক আলফালৈ প্ৰেৰণ কৰাৰ সন্দেহ কৰা হৈছে।

এতিয়া প্ৰশ্ন হয় কেৱল বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকাইহে আলফা সদস্যভৰ্তি অভিযানত জড়িত আছিল নে জিলাখনত আছে আৰু অধিক আলফাৰ এনে লিংকমেন যিয়ে বিভিন্ন প্ৰান্তৰ যুৱকসকলক আলফালৈ প্ৰেৰণ কৰা কাৰ্যত জড়িত? আৰক্ষীৰ সঠিক অভিযানত সকলো পোহৰলৈ আহিব যদিও এইমুহূৰ্তলৈ ওদালগুৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। ইফালে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীসকল নিৰুদ্দেশ হৈ থকা বিষয়টোৱে সকলোকে শংকিত কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in