যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা

যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা

ডিজিটেল সংবাদ, লামডিংঃ যুৱ শক্তি এক অদম্য শক্তি৷ যি শক্তিৰ উদ্যোগ আৰু সু-সংগঠিত,সংহতিগত চিন্তাই উত্তৰণৰ ঢাপত অৰিহণা যোগায়। উন্নয়নৰ সকলো পৰিসৰত যুৱ দক্ষতাৰ অৱদান অপৰিহাৰ্য্য ৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকৰ ভূমিকা আৰু অৰিহণা অতুলনীয়৷ পৰিতাপৰ বিষয় যে সাময়িক প্ৰেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু নায্য প্ৰাপ্তিৰ বিষয়টো অতিকৈ আলোচ্য৷ সেয়েহে ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু ন্যায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷

উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াইছে৷ এই সন্মান সমূহৰ ভিতৰত "সংবাদ শিৰোমণি" যুৱ সাংবাদিক বঁটা আৰু সন্মান লাভ কৰিছে ক্ৰমে প্ৰতিদিন টাইমৰ জইন্ট এডিটৰ শোণিত কুমাৰ ভূঞা আৰু সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই। 'শ্ৰেষ্ঠ নিউজ এংকৰ' শিতানত বনদ্বীপ গোস্বামী আৰু প্ৰতিদন টাইমৰ অঞ্জুমণি বৰদলৈলৈ এই সন্মান আগবঢ়োৱা হ'ব।

ইফালে, শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰৰ সন্মান লাভ কৰিছে ডি ৱাই ৩৬৫ৰ অভিজিৎ গগৈয়ে ৷ তদুপৰি শ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰিছে দৈনিক জনমভূমি কাকতৰ সাংবাদিক অজয় শইকীয়াই৷ শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতাৰ বঁটা লাভ কৰিছে ক্ৰমে- নিয়মীয়া বাৰ্তা কাকতৰ জগদ্বীশ ভৰালী আৰু অসমীয়া প্ৰতিদিন কাকতৰ সৌৰভ দুৱৰাই৷

ইয়াৰোপৰি পৰিবেশ আৰু বন্যপ্ৰাণী, শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে যুৱ সাংবাদিক সন্থা, অসমৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে৷ যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ বৰ্নাঢ্য কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখিকা ড০ ৰীতা চৌধুৰী৷ আনহাতে অহা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in