গৌৰাং নদীত জাপ মাৰি সন্ধানহীন যুৱক,এচডিআৰএফৰ উদ্ধাৰ অভিযান…

গৌৰাং নদীত জাপ মাৰি সন্ধানহীন যুৱক,এচডিআৰএফৰ উদ্ধাৰ অভিযান…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ফুটবল খেল চাই উভতি আহোতে গৌৰাং নদীত জাপ মাৰি সন্ধানহীন হ'ল এগৰাকী যুৱক । কোকৰাঝাৰ জিলাৰ পূৱ দবৰাগাঁওৰ যুৱক সত্যনাথ কিস্কু(১৮) সমনীয়াৰ সতে জিলাখনৰ চিম্বৰগাঁওলৈ ৰবিবাৰে আৱেলি ফুটবল খেল চাবলৈ গৈছিল । ফুটবল খেল চাই উভতি আহোতে হল্টুগাঁওৰ গৌৰাং নদীৰ দলঙৰ ওপৰত তেওঁলোকে কিছুসময় জিৰণি লয় আৰু তাতেই সত্যনাথ কিস্কুই(১৮) জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে আৰু দলঙৰ পৰা গভীৰ পানীলৈ জাপ মাৰে ।

মুহুৰ্ততে সংঘটিত হোৱা ঘটনাত সত্যনাথ কিস্কুৰ সমনীয়াসকল হতভম্ব হৈ পৰে আৰু তেওঁলোকে কিস্কুক উদ্ধাৰৰ প্ৰচেষ্ঠা চলায় যদিও ব্যৰ্থ হয় । ৰবিবাৰে নিশা প্ৰায় ৮:০০ মান বজাত সংঘটিত হোৱা উক্ত ঘটনাৰ পিছত এচডিআৰএফে আজি গৌৰাং নদীত নিখোজ যুৱকজনৰ সন্ধান বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in