শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

“আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

80

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ওমৰ আবদুল্লাই কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্রসাদক জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাহাল ৰাখিবলৈ তেওঁ দিয়া বিবৃতিক লক্ষ্য কৰি সোঁৱৰাই দিয়ে যে, ভাৰতৰ ন্যায়াপালিকা স্বতন্ত্ৰ আৰু উচ্চতম আদালতৰ ন্যায়াধীশসকলৰ বাবে সেয়া পৃথক নহয়।

 ওমৰে ৰবি শংকৰ প্ৰসাদক কয় যে,  তেওঁৰ পৰা একো বিষয়ৰ সঠিক সিদ্ধান্ত আশা নকৰে, কিন্তু তেওঁ এনেকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে তেওঁলোকৰ স্বাধীনতা সমৰ্পন কৰিছে।সন্মানীয় ন্যায়াধীশসকলে কি সিদ্ধান্ত ল’ব সেয়া অনুগ্ৰহ কৰি অনুমান নকৰিব।

অন্যহাতে শনিবাৰে ৰবি শংকৰ প্ৰসাদে কয় যে, মেহবুবা মুফ্তি দাবী কৰাৰ দৰে অঞ্চলটোত অনুচ্ছেদ ৩৭০ পুনৰ বাহাল ৰখা নহ’ব। লগতে তেওঁ ৰাষ্ট্ৰীয় পতাকাৰ সন্দৰ্ভত মুফ্তিৰ বিবৃতি সম্পূৰ্ণ ৰূপে ধিকাৰৰ যোগ্য বুলিও মন্তব্য কৰে  প্ৰসাদে।

প্ৰসাদে লগতে কয় যে, ২০১৯ চনৰ আগষ্টত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত সঠিক সাংবিধানিক প্ৰক্ৰিয়াৰ অধীনত ৰাজনৈতিক নেতাসকলক দীৰ্ঘদিনীয়া জিম্মা বাতিল কৰা হৈছিল আৰু অঞ্চলটোৰ বিৰোধ কাৰ্যসূচী বাধা দিবৰ বাবে অধিক নিৰাপত্তা ব্যৱস্থা উঠাই লোৱা হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি