গুৱাহাটীত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ যোগী আদিত্যনাথ, ৰাহুলক ক্ষমা খোজাৰ দাবী

গুৱাহাটীত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ যোগী আদিত্যনাথ, ৰাহুলক ক্ষমা খোজাৰ দাবী

ডিজিটেল ডেস্কঃ 'দেশবাসীৰ সুৰক্ষাৰ বাবে কংগ্ৰেছে নল'লে কোনো ব্যৱস্থা৷ আজি কংগ্ৰেছে দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ প্ৰয়োজন৷ দেশ শাসন কৰাৰ নামত কংগ্ৰেছে সৃষ্টি কৰিলে দালালৰ৷' ৰাফেল কেলেংকাৰীক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ক্লীন ছীট দিয়াৰ পিছতেই সোমবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ দীৰ্ঘদিন ধৰি ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ নামত বিজেপি চৰকাৰে কেলেংকাৰী সংঘটিত কৰা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ পিছতেই ন্যায়ালয়ৰ এই ৰায়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কিছু সকাহ দিলে৷

সোমবাৰে দুপৰীয়া প্ৰায় দুই বজাত গুৱাহাটী মহানগৰীত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷ গুৱাহাটীত উপস্থিত হৈ খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী বিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সংবাদমেলত মূলতঃ ৰাফেল কেলেংকাৰীক লৈ সৰৱ হৈ পৰে তেওঁ৷

কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ আদিত্যনাথে কয়- 'কংগ্ৰেছে দেশত অপপ্ৰচাৰ চলাইছে, সৰ্ব্বোচ্ছ ন্যায়ালয়ে ৰাফেলক লৈ ৰায় দিছে৷ কংগ্ৰেছ দল আৰু নেতৃত্বই দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে৷' কংগ্ৰেছে দেশৰ জনসাধৰণক মিথ্যাচাৰৰ আশ্ৰয় লৈ বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে যোগী আদিত্যনাথে৷ ভাৰতৰ জনসাধাৰণৰ সন্মুখত বিজেপিক হেয় প্ৰতিপন্ন কৰিবৰ বাবে কংগ্ৰেছে বিভিন্ন প্ৰচেষ্টা লৈছে বুলিও সমালোচনা কৰে তেওঁ৷

ভাৰতৰ সেনা বাহিনী আধুনিকীকৰণৰ নামত বিভিন্ন প্ৰচেষ্টা হাতত লোৱাৰ কথা কৈ কংগ্ৰেছে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলিও মন্তব্য কৰে আদিত্যনাথে৷ তেওঁ কয়, 'ৰাফেল ক্ৰয়ৰ ৰাজনীতি কৰি বিফল হৈছে কংগ্ৰেছ৷ অপপ্ৰচাৰৰ আশ্ৰয় লৈ ৰাহুল গান্ধী আৰু কোম্পানী বিফল হ'ল৷ উচ্চতম ন্যায়ালয়ে উদঙাই দিলে কংগ্ৰেছৰ মিথ্যাচাৰ৷'

ইফালে, সেনা বাহিনী আধুনিকীকৰণৰ প্ৰসংগত তেওঁ কয়, 'কাৰ্গিল যুদ্ধৰ পিছত সেনাৰ অধুনিকীকৰণৰ বাবে অনা প্ৰস্তাৱৰ ভিত্তিত কংগ্ৰেছে একো পদক্ষেপ নল'লে৷ ২০০৭ চনৰ পৰা ২০১৪লৈকে কোনো সিদ্ধান্ত নল'লে কংগ্ৰেছে৷' লগতে তেওঁ কয়, দেশ সুৰক্ষাৰ কাৰণে কংগ্ৰেছে কোনো পদক্ষেপ নল'লে৷ যাৰ বাবে দেশবাসীৰ ওচৰত কংগ্ৰেছে ক্ষমা খোজাৰ প্ৰয়োজন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in