কোৰোনাৰ বাবেই ৰাম মন্দিৰৰ ভূমি পূজনৰ পৰা বঞ্চিত হ’ল অমিত শ্বাহ, তথাপিও লিখিলে….

কোৰোনাৰ বাবেই ৰাম মন্দিৰৰ ভূমি পূজনৰ পৰা বঞ্চিত হ’ল অমিত শ্বাহ, তথাপিও লিখিলে….

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই বুধবাৰে কৰা হল অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পুজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা এই পুজনত আৰ আৰ এছ প্ৰধানৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিলে। পূৰ্বনিৰ্ধাৰিত অনুসৰি এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহেও অংশ লোৱাৰ কথা আছিল যদিও কোৰোনা ভাইৰাছৰ সংক্ৰমণ বাবে শ্বাহ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

অংশ লব নোৱাৰিলেও হাস্পতালৰ পৰাই অমিত শ্বাহে ৰাম মন্দিৰৰ ভূমি পূজনৰ কাৰ্যসূচীক উদ্দেশ্যি টুইটাৰত কৰিলে এটা টুইট। এই টুইটত গৃহমন্ত্ৰীগৰাকীয়ে লিখিছে যে, অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ হব লাগে বুলি বিশ্বৰ হিন্দসকলৰ এক আশা আৰু আস্থা আছিল। এই কোটি কোটি হিন্দুৰ আস্থাক সন্মান প্ৰৰ্দশন কৰিয়েই ৰামৰ জন্মভূমিত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই আজি আধাৰশিলা স্থাপন কৰিলে।এই কামৰ বাবে তেওঁক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in