দিল্লী-দিছপুৰতো জ্বলিব নেকি পেৰিছৰ জুই…

দিল্লী-দিছপুৰতো জ্বলিব নেকি পেৰিছৰ জুই…

♦ ডি জে ধনন্তৰি

'মাহতো কিদৰে চলিম সেই চিন্তাত টোপনি নাইকিয়া হৈ পৰিছে। কেৱল টেক্স, টেক্স আৰু টেক্স। কৰ দি দি আমি ভাগৰি পৰিছো। প্ৰতিদিনে আমাৰ ক্ৰয় ক্ষমতা হ্ৰাস পাই আহিছে। ৰাষ্ট্ৰই আমাৰ টেঁটু চেপি ধৰিছে। সেয়ে এই জুই জ্বলি উঠিছে।'-এই মন্তব্য বিশ্বৰ উন্নত দেশসমূহৰ অন্যতম ফ্ৰান্সৰ এগৰাকী মহিলাৰ।

এনেকৈয়ে এতিয়া ক্ষোভত জ্বলিছে আইফেল টাৱাৰৰ চৌদিশ। শান্ত-সমাহিত পেৰিছ চহৰত এই মুহূৰ্তত কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। প্ৰায় এক দশকৰ অন্তত ফ্ৰান্সৰ ৰাজপথত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে 'ইয়ালু জেকেট মোভমেণ্ট।' পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে City of Love নামেৰে খ্যাত পেৰিছ এতিয়া হৈ পৰিছে City of Fire।

পেৰিছৰ এই জুইৰ কাৰণ কি? ভাৰতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক আছেনে? ভাৰতৰ সৈতে সম্পৰ্ক পেট্ৰ'লক লৈ। আমাৰ দেশত যিদৰে পেট্ৰ'লৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে, উন্নত দেশ ফ্ৰান্সতো দিনে দিনে উৰ্ধগামী হৈ পৰিছে পেট্ৰ'ল। জ্বলনশীল পেট্ৰ'লক লৈ কৰা সামান্য ভুলৰ বাবে যিদৰে জুই জ্বলি উঠে ঠিক তেনেকৈ ফ্ৰান্স চৰকাৰৰ ভুলৰ বাবেই দেশখনত বিৰাজ কৰিছে এইহেন পৰিস্থিতি।

ফ্ৰান্সৰ দৰে এখন দেশ, যিখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য, যাৰ ওচৰত পৰমাণু শক্তি আছে আৰু যিখন দেশক উন্নত দেশসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয় সেইখন দেশত পেট্ৰ'লক লৈ ক্ষোভৰ জুই জ্বলিছে। ৰাজপথলৈ হালধীয়া জেকেট পিন্ধি ওলাই আহিছে লাখ লাখ লোক। আৰক্ষীলৈ শিল দলিয়াইছে, জ্বলাই দিছে দোকান-পোহাৰ, ট্ৰাক-বাছ।

১৯৬৮ চনৰ ছাত্ৰ আন্দোলনৰ পিছত এনেধৰণৰ হিংসাত্মক প্ৰতিবাদৰ ঘটনা দেশখনত এয়াই প্ৰথম বাবে সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ হৈছে ফ্ৰান্সৰ ওপৰত। উক্ত আন্দোলনৰ ফলত ফ্ৰান্সৰ অৰ্থ ব্যৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি। সেই ঘটনাৰ ৫০ বছৰ পিছত পুনৰ উদ্ভৱ হৈছে অনুৰূপ পৰিস্থিতিৰ। যোৱা ১৭ নৱেম্বৰৰ পৰা এই পৰ্যন্ত ধাৰাবাহিকভাৱে দেশখনত অব্যাহত আছে বিৰোধ প্ৰদৰ্শন। Yellow Vest Movement নামেৰে জনাজাত হৈ পৰা এই বিৰোধ প্ৰদৰ্শনৰ প্ৰথম দিনা অতি কমেও ৩লাখ ফৰাচী লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

শেহতীয়াকৈ ইউৰোপৰ আন কেবাখনো দেশলৈ বিয়পি পৰিছে এই প্ৰতিবাদ। ইউৰোপত আৰম্ভ হোৱা এই প্ৰতিবাদৰ মূল কাৰণটোৱেই হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যাকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা চৰকাৰী কৰৰ বোজা। ৰাষ্ট্ৰ ব্যৱস্থাই কৰৰ বোজা ইমানেই বৃদ্ধি কৰিছে যে সাধাৰণ নাগৰিকসকলৰ বাবে জীৱন ধাৰণ কৰাতো দুৰ্বিসহ হৈ পৰিছে।

উন্নত এই দেশসমূহত এতিয়া ঐশ্বৰ্য বৈভৱেই হৈ পৰিছে বৃহৎ সংকট। ফ্ৰান্সকে আদি কৰি ইউৰোপীয় দেশসমূহৰ জীৱন ধাৰণৰ মানদণ্ড অতিশয় উন্নত। পিছে কৰৰ বোজাৰ বাবে এই মানদণ্ড বৰ্তাই ৰখাতো বহুতৰ বাবে অসম্ভৱ হৈ পৰিছে। আচৰিত ধৰণে সমগ্ৰ বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে বুকু ফিন্দাই ঘূৰি ফুৰা ফ্ৰান্সৰ ৯০ লাখতকৈয়ো অধিক লোকে এতিয়া কটাবলগীয়া হৈছে দৰিদ্ৰ জীৱন। এনেদৰে দেশখনত ধনী আৰু সাধাৰণ শ্ৰেণীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে ব্যৱধান। তথ্য অনুযায়ী ফান্সৰ এজন অতি ধনী লোকে সাধাৰণ লোকতকৈ ৫গুণ অধিক উপাৰ্জন কৰে। এই ব্যৱধানৰ বাবেই ৰাজপথলৈ ওলাই আহিবলগীয়াত পৰিছে লক্ষ লক্ষ ফৰাচী নাগৰিক।

আনহাতে প্ৰদূষণৰ পৰা মুক্তি পাবলৈ চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰিছে হাইড্ৰ'কাৰ্বন টেক্সষ ফলত পেট্ৰ'ল আৰু ডিজেলৰ দাম দুগুণ বৃদ্ধি পাইছে। হাইড্ৰ'কাৰ্বন টেক্সৰ জৰিয়তে লাভ কৰা ধন ব্যৱহাৰ কৰা হৈছে ৰিনিউৱেবল এনাৰ্জীৰ ক্ষেত্ৰখনত। পিছে চৰকাৰৰ এনে পৰিকল্পনা মানি ল'বলৈ মুঠেই সন্মত নহয় কৰৰ বোজাত কোঙা হৈ পৰা জনতা। ক্ষুব্ধ হৈ জনতাই মে' মাহৰ পৰা ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছিল যুঁজ। change.orgৰ জৰিয়তে এগৰাকী মহিলা কৰ্মচাৰীয়ে প্ৰথমে এনে কাৰ্যৰ বিৰুদ্ধে অনলাইন পেটিশ্যনত স্বাক্ষৰ অভিযান আৰম্ভ কৰে। ৩০ লাখৰো অধিক লোকে উক্ত অনলাইন পেটিশ্যনৰ প্ৰতি সহাঁৰি জনোৱাৰ পিছতে ই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সৰ্বত্ৰে বিয়পি পৰে। তাৰ পিছৰে পৰা সকলোৱে জপিয়াই পৰে এই আন্দোলনত।

এক পৰিসংখ্যা অনুযায়ী পেট্ৰ'ল-ডিজেলত হাইড্ৰ'কাৰ্বন টেক্স আৰোপৰ কৰাৰ ফলত ফ্ৰান্সৰ প্ৰতিজন নাগৰিকৰ ওপৰত প্ৰতি মাহতে ১০ ইউৰোতকৈ অধিক পৰিমাণত কৰৰ বোজা বৃদ্ধি পাইছে। এই বোজা সহিব নোৱাৰি ফ্ৰান্সৰ জনতাই পৰিধান কৰিছে হালধীয়া জেকেট। হালধীয়া জেকেট পৰিধান কৰি আন্দোলন কৰাৰ আছে সুকীয়া অৰ্থ। ফ্ৰান্সত চালকসকলে লগত হালধীয়া জেকেট ৰখাতো বাধ্যতামূলক। যেতিয়া পথত গাড়ী বেয়া হয় তেতিয়া গাড়ী ভাল কৰা ছাৰ্ভিছমেনজনে কোনো দুৰ্ঘটনা সংঘটিত নহ'বলৈ সেই হালধীয়া জেকেট পৰিধান কৰি ল'ব লাগে। কালক্ৰমত সেই হালধীয়া জেকেটেই হৈ পৰে দুৰ্ঘটনা অথবা ব্ৰেকডাউনৰ প্ৰতীক। শেহতীয়াকৈ হালধীয়া জেকেটক অৰ্থনৈতিক দুৰ্ঘটনাৰ প্ৰতীক হিচাপে লৈ সেয়া পৰিধান কৰি প্ৰতিবাদকাৰীসকলে বিৰোধ প্ৰদৰ্শনত নামি পৰিছে।

এনে এক বৃহৎ প্ৰতিবাদ সত্বেও নীৰৱে আছে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। দিনে দিনে হ্ৰাস পাবলৈ লৈছে ৰাষ্ট্ৰপতি মেক্ৰনৰ জনপ্ৰিয়তা। ক্ষুব্ধ জনতাই আৰ্জেণ্টিনাৰ জি-২০ শীৰ্ষ সন্মিলনত বৰ বৰ কথা কোৱাৰ অভিযোগ তুলি ৰাষ্ট্ৰপতি মেক্ৰনৰ পদত্যাগো দাবী কৰিছে। বিৰোধী দলেও দেশখনত পুনৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰা দেখা গৈছে। ইয়াৰ মাজতে চৰকাৰৰ নিৰ্দেশত অতি কমেও ৮০০০ ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰা হৈছে। প্ৰতিবাদকাৰীৰ ওপৰত নিক্ষেপ কৰা হৈছে কন্দুৱা গেছ। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এই আন্দোলনৰ ফলত ক্ষতি হৈছে কেবাকোটি ডলাৰৰ সম্পত্তি।

ফ্ৰান্সৰ দৰে উন্নত দেশত কৰৰ বোজাক লৈ যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতি আমাৰ দেশতো হ'বলৈ বেছি পৰ নাই। আমাৰ দেশতো চৰকাৰে হকে-বিহকে বৃদ্ধি কৰি গৈছে কৰৰ পৰিমাণ। চৰকাৰে একাধিক আঁচনি ৰূপায়ণৰ নামত জনতাৰ ওপৰত জাপি দিছে কৰৰ বোজা। পিছে জনতাৰ কৰৰ সেই ধন ব্যৱহাৰ হোৱা নাই সঠিক কামত। স্বচ্ছ ভাৰত অভিযানৰ নামত চৰকাৰে কোটি কোটি টকা সংগ্ৰহ কৰি আছে যদিও দেশৰ ক'তো দেখিবলৈ পোৱা হোৱা নাই প্ৰকৃত স্বচ্ছতা।

কথাতেই কোৱা হয় যে ইউৰোপত আজি যি হয় সেয়া এদিন সমগ্ৰ বিশ্বতে হয়। ইউৰোপত আৰম্ভ হোৱা শিল্প বিপ্লৱ এদিন সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। পশ্চিমীয়া সংস্কৃতিৰ কু-প্ৰভাৱৰ কথা যিমানেই কোৱা নহওক কিয় এয়া অনস্বীকাৰ্য যে আধুনিক জীৱনত পশ্চিমীয়া সংস্কৃতি আৰু পশ্চিমীয়া ধ্যান ধাৰণা অপৰিহাৰ্য। সেয়ে সময় থাকোতেই ভাৰতৰ ৰাষ্ট্ৰ ব্যৱস্থা সচেতন নহ'লে এদিন আমাৰ দেশতো কৰৰ বোজা সহিব নোৱৰা জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি ৰাজপথলৈ ওলাই অহাতো নিশ্চিত। উন্নত দেশ এখনতেই যদি নাগৰিকে কৰৰ বোজাক লৈ উদ্বিগ্ন হৈ পৰিছে তেন্তে উন্নয়নশীল দেশসমূহৰ নিৰন্ন জনতাৰ অৱস্থা কেনেধৰণৰ হ'ব সেয়া সঁচাকৈয়ে ভাবি চাবলগীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in