ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত নৈৰাজ্য ! বৰষুণ দিলেই বন্ধ হয় এক্সৰে সেৱা…

ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত নৈৰাজ্য ! বৰষুণ দিলেই বন্ধ হয় এক্সৰে সেৱা…

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ এক লক্ষাধিক নাগৰিকক চৰকাৰী চিকিৎসা সেৱা প্ৰদানৰ বেলিকা সাংঘাতিক ভাবে হেতালি খেলিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বাধীন বিয়াগোম বিভাগটোৱে । ৰোগাক্ৰান্ত ৰাইজৰ মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ চূড়ান্ত ভাবে পদপিষ্ট কৰি মহকুমা অসামৰিক চিকিৎসালয়খন কাৰ্যতঃ এক ভালুকৰ সাঙীলৈ পৰ্যবসিত কৰিছে স্বাস্থ্য বিভাগটোৱে।

লখিমপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত অৱস্থিত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়খনেই মহকুমাবাসী ৰোগাক্ৰান্ত ৰাইজৰ একমাত্ৰ  চিকিৎসা লাভৰ থলী । কিন্তু মহকুমা চিভিল হাস্পতাল হিচাবে পৰিচিত এইখন চৰকাৰী চিকিৎসালয় এতিয়া পতিত হৈছে মৰণফাণ্ডলৈ ।

চূড়ান্ত অব্যৱস্থা আৰু দায়িত্বহীনতাৰে পৰিচালিত এইখন একমাত্ৰ চিকিৎসালয়ৰ অভ্যন্তৰত উদ্ভৱ হোৱা কেতবোৰ জটিল সমস্যাৰ বাবে এইখন চৰকাৰী চিকিৎসালয় নহয় অদৰকাৰী চিকিৎসালয় লৈ পৰ্যবসিত হৈছে। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত উন্মোচিত হৈছে এনে বহু  জটিল দিশ ।

সংগৃহীত তথ্য মতে এইখন চৰকাৰী চিকিৎসালয়ৰ এক্সৰে কক্ষ আৰু জৰুৰীকালীন প্ৰাথমিক চিকিৎসাৰ ড্ৰেছিং কক্ষৰ  বিনামূলীয়া সেৱা লাভ কৰাটো নিৰ্ভৰ কৰে বতৰৰ ওপৰত । যদি বতৰ বৰ্ষণমুখৰ হয় তেন্তে যিমানেই জৰুৰী নহওঁক ৰোগীয়ে এনেবোৰ চৰকাৰী সেৱা বিচাৰি নোযোৱাই শ্ৰেয় ।

কাৰণ বৰষুণ দিলে এনেবোৰ কক্ষত প্ৰদান কৰা নহয় নিৰ্ধাৰিত সেৱা । চিকিৎসালয়খন শনিবাৰে পৰিদৰ্শন কালত প্ৰত্যক্ষ কৰা মতে বৰষুণ দিলেই চিকিৎসালয় খনৰ চাদেৰে পানী পৰি এক্সৰে কক্ষ ,ড্ৰেছিং কক্ষ ,বৰ্হি বিভাগৰ চিকিৎসকৰ কক্ষ পানীৰে উপচি পৰে । 

আটাইতকৈ স্পৰ্শকাতৰ বিষয় হ'ল চিকিৎসালয়খনৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক শক্তিৰে পৰিচালিত এক্সৰে কক্ষৰ এক্সৰে যন্ত্ৰৰ কাষত অথবা ওপৰত বৰষুণ দিলে চাদৰ পৰা পানীৰ ঢল বয় । অতি বিপদজনক ভাবে মূল্যবান বৈদ্যুতিক এক্সৰে মেচিনত পানী পৰি যিকোনো মুহূৰ্ততে ৰোগী অথবা স্বাস্থ্য কৰ্মীৰ জীৱনলৈ ভয়ানক বিপদ নামি অহাৰ আশংকা নিশ্চিত ।

এনে অৱস্থাত এক্সৰে কক্ষত নিয়োজিত কৰ্মচাৰী সকলে বৰষুণ দিলেই পৰিস্থিতি যিমানেই জৰুৰী নহওঁক এক্সৰে কক্ষত তলা মাৰি এই সেৱা বন্ধ কৰি থয়।পৰিদর্শন কালত এক্সৰে কক্ষৰ কৰ্তব্যত নিয়োজিত অস্থায়ী কৰ্মী সকলে মজিয়াত বৰষুণৰ পানী পৰি থকা দৃশ্য দেখুৱাই এই ভয়ংকৰ আৰু চূড়ান্ত অব্যৱস্থা বিগত প্ৰায় ৪ মাহ ধৰি অব্যাহত থকা বুলি জনালে ।

তেনেদৰে এক্সৰে ৰিপ'ৰ্ট ছপা কৰা ফুজিং প্ৰিন্টাৰটোত বিকল হৈ থকা পৰিলক্ষিত হল । তদ্রুপ দূৰৱস্থাৰ গ্ৰাসত নিমৰ্জিত চিকিৎসকৰ ৰোগী চোৱা কক্ষ আৰু ড্ৰেছিং কক্ষ আদিৰ । প্ৰাথমিক ভাবে মহকুমাটোৰ ৰোগীয়া ৰাইজৰ নিৰ্ভৰশীল প্ৰধানতম চৰকাৰী চিকিৎসালয়খন সুস্থ ভাবে পৰিচালনা কৰিবলৈ এগৰাকী অধীক্ষক নিযুক্তি দিছে স্বাস্থ্য বিভাগে ।

সমান্তৰাল ভাৱে এনেবোৰ অভাৱ সমস্যাৰ বিষয়ে সতৰ্ক দৃষ্টি ৰাখিবলৈ গঠন কৰা হয় চিকিৎসালয় পৰিচালনা সমিতি । পিছে এইবোৰ দায়িত্বশীল পক্ষই  বহু সময়ত গ্ৰহণ কৰি আহিছে দায়িত্বহীন আৰু অবিবেচকী ভূমিকা ।

অধীক্ষক গৰাকীয়ে এইস্পৰ্শকাতৰ সমস্যাৰ সন্দৰ্ভত  বিধায়ক নৱ দলে, উপায়ুক্ত শোণিত সতৱান , স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড০ মনোজ কুমাৰ দাস আদিক অৱগত কৰিছে যদিও মৰ টোপনি ভগা নাই কোনো পক্ষৰ । পৰিণতিত বৰষুণ দিলেই ৰোগী এনেবোৰ চৰকাৰী সেৱা লাভৰ পৰা বঞ্চিত হয় আৰু  বাধাগ্ৰস্ত হয় বিনামূলীয়া সেৱা  আগবঢ়োৱাত। 

এনে বাধা গ্ৰস্ততাৰ সুবৰ্ণ সুযোগ লৈ এক্সৰে কক্ষৰ ৰেদিঅ'গ্ৰাফাৰ উৎপল বৰা সঘনাই নিৰ্দিষ্ট সময়ত কৰ্তব্যত উপস্থিত নথকাৰ বহু অভিযোগ উত্থাপন হৈছে।  শনিবাৰেও পুৱা  ১০ বজা পৰ্যন্ত এইগৰাকী চৰকাৰী কৰ্মচাৰী অনুপস্থিত থকাত এটা বৃহৎ তলা ওলমি থকা দেখা গ'ল কক্ষত ।

ঢকুৱাখনাবাসীক চৰকাৰী চিকিৎসা সেৱা প্ৰদানৰ নামত অকমন্য বিধায়ক, প্ৰশাসনীয় আমোলা বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ অন্য তথ্য পৰৱৰ্তী প্ৰতিবেদনত উন্মোচিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in