‘ডাক্টৰৰ দিন’ত দক্ষ আৰু সু-চিকিৎসকৰ সংজ্ঞা বিচাৰি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

প্রকাশ মহন্ত

চিকিৎসকৰ বাবে বিশেষ এটা দিন উদযাপন কৰা হওঁক বা নহওঁক, প্ৰায় প্ৰতিজন ব্যক্তিৰ জীৱনলৈকে বিশেষ বিশেষ মুহূৰ্তৰ বাবে কোনো একোজন চিকিৎসক ভগৱান সদৃশ হৈ আহে আৰু ওৰেটো জীৱন তেওঁৰ স্মৃতিত সেই চিকিৎসকজনৰ ছবি ৰৈ যায়। ময়ো মোৰ পাৰিবাৰিক জীৱনত ল'ৰালিৰে পৰা বিশেষ বিশেষ কিছুমান মুহূৰ্তত এনে একোজন চিকিৎসকৰ সান্নিধ্য লাভ কৰিছো, যাৰ বৃত্তি বা ব্যক্তিত্বৰ সাদৃশ নাথাকিলেও স্মৃতিপটত তেওঁলোক ভগৱানৰ দৰেই ৰৈ গৈছে। ব্যক্তিগত পাৰিবাৰিক জীৱনৰ কথা বাদ দি সামাজিক জীৱনতো বিভিন্ন সময়ত আন একোজন ৰোগাক্ৰান্তৰ সংকটকালত বহু এনে চিকিৎসক লগ পাইছো যিয়ে বৃত্তিগত দায়িত্বৰ লগতে চিকিৎসা বিজ্ঞানৰ দক্ষতাৰ উপৰি অতুলনীয় সামুহিক দায়ৱদ্ধতাৰ নিদৰ্শন হিচাপে মোৰ মগজুত চিৰদিনৰ বাবে খোপনি পুতিবলৈ সক্ষম হৈছে। অসম উন্নত স্বাস্থ্য সেৱাৰ দিশত দেশৰ আন প্ৰান্তৰ আগবঢ়া চিকিৎসা খণ্ডতকৈ পিছপৰা বুলি কোৱা হ'লেও মোৰ দৃষ্টিত আমাৰ ৰাজ্যখনত আন্তৰিকতাপূৰ্ণ সেৱাৰ মনোভাবেৰে স্বাস্থ্য সেৱাত নিমজ্জিত লোকৰ সংখ্যা তাকৰ নহয়।

এনে বহু চিকিৎসকৰ সান্নিধ্য পোৱাৰ বাবেই এই সকলোৰে নাম আজি বিশেষভাৱে চিকিৎসকৰ নামত উৎসৰ্গিত দিনটোত মই ল'ব খোজা নাই। কিন্তু ভাল চিকিৎসকৰ সংজ্ঞা প্ৰকৃততে কি তাক সঠিকভাৱে আজিও মই নিৰূপন কৰিব পৰা বুলি অনুভৱ নকৰো বাবেই মোৰ মনলৈ অহা কেইটামান কথাহে অতি সহজভাৱে ক'ব খুজিছো। মই অনুভৱ কৰো সকলোৰে বাবে সপোনৰ ভাল চিকিৎসকজন নিৰ্দিষ্ট বেমাৰটোৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত তেওঁৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ নকৰিবও পাৰে। মোৰ দৰেই এই সকলৰ বাবেও ৰোগ চিকিৎসাৰ দক্ষতাতকৈও চিকিৎসকজনৰ সেৱাৰ মনোভাৱ, ব্যক্তিত্ব, ব্যৱহাৰ আদিয়েহে ৰোগীৰ অভিভাৱকক চিকিৎসকজনে সঠিকভাৱে ৰোগৰ চিকিৎসা কৰিব পাৰিব বুলি পতিয়ন নিয়াব পাৰে।

ইয়াৰ সৈতে আন এটা কথাও মই অনুভৱ কৰো এখন চিকিৎসালয়ত দক্ষ চিকিৎসক থাকিলেও সেইসকলে ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত ১০০ শতাংশ সুযোগ নাপাব পাৰে, যদিহে চিকিৎসালয়খনত সংশ্লিষ্ট আন্তঃগাঁথনিৰ অভাৱ থাকে, অথবা তাৰ অভাৱ নাথাকিলেও এজন সুপ্ৰশাসক নাথাকে। এই প্ৰসংগলৈ আহোতেই মই জীৱনত লগ পোৱা দুজনমান বিশেষ চিকিৎসক প্ৰশাসকৰ ছবি চকুত ভাহি উঠিছে। তাৰে এজনক মধ্যবিত্ত অসমীয়াৰ প্ৰায় সকলোৱে চিনি পায়। তেওঁ হ'ল ডাঃ নোমল বৰা। হাঁহিমুখৰ, দেখিলেই দক্ষ আৰু নিৰ্ভৰশীল চিকিৎসক বুলি বিশ্বাস কৰাৰ লগতে তেওঁৰ চিকিৎসালয়খনত সুচিকিৎসা পাব বুলি সকলোকে পতিয়ন নিয়াব পৰা এক বিৰল ব্যক্তিত্বৰ এইগৰাকী চিকিৎসক কেৱল অসমৰ নহয়, দেশৰে সম্পদ বুলি মই ভাবো।

শেহতীয়াকৈ একক প্ৰচেষ্টাৰে তেওঁ কিউবাৰ আৰ্হিত এফ'ৰ্ডেবল কোৱালিটী ট্ৰিটমেন্ট টু অল অৰ্থাৎ সকলোৰে বাবে বহনক্ষম মানসম্পন্ন চিকিৎসা এই মডেল উদ্ভাৱন কৰি উত্তৰ গুৱাহাটীত ইয়াৰ পৰীক্ষা চলাই আছে। যিমান দূৰ জানো ভাৰতৰ নীতি আয়োগেও কেইবাবাৰো তেওঁক মাতি নি এই মডেলৰ বিষয়ে আলোচনা কৰি চৰকাৰী খণ্ডত ইয়াৰ প্ৰয়োগ কিদৰে সম্ভৱপৰ হৈ উঠিব পাৰে তাৰো পৰামৰ্শ লৈছে। অৱশ্যে দেশে সকলো ৰাজহুৱা খণ্ড, ব্যক্তিগত ব্যৱসায়িক গোষ্ঠীৰ হাতত অৰ্পণ কৰিবলৈ লোৱাৰ সময়ত এনে চিন্তা কিমান কাৰ্যকৰী হ'ব সেয়া সন্দেহৰ উৰ্ধত নহয়।

ডাঃ নোমল বৰাতকৈও আজিৰ দিনটোত বিশেষভাৱে যাৰ কথা মোৰ মনলৈ আহিছে তেওঁ হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সদ্যঅপসাৰিত অধীক্ষক ডাঃ ৰমেন তালুকদাৰ। চিকিৎসা বিজ্ঞানৰ ৰেডিঅ'লজী বিভাগৰ অধ্যাপক বা চিকিৎসক হিচাপে তেওঁৰ দক্ষতাক নিৰূপন কৰাটো কঠিন। কিন্তু নিম্ন, মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ যিসকল লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কাৰো চিফাৰিছ নোহোৱাকৈ যোৱা কেইটামান বছৰত কোনো আত্মীয়ৰ চিকিৎসা কৰোৱাবলৈ গৈছে সেই সকলৰ বাবে ডাঃ ৰমেন তালুকদাৰেই ভৰসা আছিল। মানুহজন ধুবুৰীৰ পৰা আহিছে নে ধেমাজিৰ পৰা আহিছে , শাসক দলৰ সমৰ্থক নে বিৰোধীৰ সমৰ্থক, দুখীয়া নে ধনী ইয়াৰ বিচাৰ এই মানুহজনে সম্ভৱত কাহানিও কৰি পোৱা নাই।

ৰোগীৰ অতিকৈ সংকটজনক সময়ত যিকোনো অভিভাৱকে যিকোনো সহায়ৰ বাবে দিনতেই হওঁক কিম্বা মাজনিশাই হওঁক চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষকজনৰ ওচৰলৈ গৈ সমাধানৰ এক পথ নিসংকোচে বিচাৰিব পাৰিছিল আৰু তাৰ সঁহাৰিও মানুহজনৰ পৰা পাইছিল। এসময়ত জিএমচিএইচৰ অধীক্ষকৰ ৰূমলৈ সোমাবলৈ মানুহক অনুমতিৰ প্ৰয়োজন আছিল । ৱাৰ্ডবোৰ লেতেৰা আৰু দুৰ্গন্ধৰে ভৰা আছিল। অপিডিৰ সময়ত চিকিৎসালয়ৰ ভিতৰচৰাত ৰোগীতকৈ চিকিৎসকৰ ওচৰত বিভিন্ন ঔষধ কোম্পানীৰ প্ৰতিনিধিয়েহে বেছিকৈ ভিৰ কৰিব পাৰিছিল। কিন্তু ৰমেন তালুকদাৰে দায়িত্ব লোৱাৰ পাছত এই পৰিৱেশ দ্ৰুতগতিৰে সলনি হৈছে। যিখন চিকিৎসালয়লৈ মধ্যবিত্ত ৰোগীয়েই নহয়, নিম্নবিত্তৰো ৰোগীসকল সুচিকিৎসা বা চিকিৎসকৰ ভাল ব্যৱহাৰ নোপোৱাৰ আশংকাত বাধ্য হৈ ব্যক্তিগত চিকিৎসালয়লৈ গৈছিল, ডাঃ তালুকদাৰে অধীক্ষকৰ দায়িত্ব লোৱাৰ পাছত পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনে এই সকলোকে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখনলৈ টানি নিছিল। দৈনিক চিকিৎসালয়খনৰ বহিঃবিভাগত ৫-৭হাজাৰ ৰোগীয়ে ভিৰ কৰিবলৈ লৈছিল, অন্তৰভাগতো ২হাজাৰ বিচনাৰ সামৰ্থ থকা চিকিৎসালয়খনত ৩-৪হাজাৰ ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিছিল।

সেৱাৰ মনোভাবেৰে জিএমচিএইচত কাম কৰা সহযোগী অধ্যাপক, অধ্যাপক, পঞ্জীয়ক সকলোৱে যেন ৰোগৰ চিকিৎসা আৰু শিক্ষা দুয়োটাৰ বাবেই এক সুন্দৰ পৰিৱেশ লাভ কৰিছিল। এইখিনি কৰিবলৈ পুৱা ৯ বজাতে জিএমচিএইচত উপস্থিত হোৱা ৰমেন তালুকদাৰ নিশা ১ বজালৈকে ৫ মহলীয়া চিকিৎসালয়খনৰ চৌহদত থকাই নহয়, প্ৰতিদিনাই ২-৩ বাৰকৈ প্ৰতিটো ৱাৰ্ডত এপাক মাৰিছিল। ৰমেন তালুকদাৰৰ প্ৰশস্তিৰ বাবে এইখিনি কথা মই লিখা নাই। যি সময়ত কথাখিনি লিখিছো সেই সময়ত দায়িত্বৰ প্ৰতি গাফিলতিৰ অভিযোগত অধীক্ষকৰ পদৰ পৰা অপসাৰণ কৰি লখিমপুৰৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে বদলি কৰা চিকিৎসকজন মালিগাঁৱত পিতৃয়ে নিৰ্মাণ কৰা সৰু এটা ঘৰৰ ১০ ফুটীয়া কোঠা এটাত আৱদ্ধ হৈ আছে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো কেইমাহ মানৰ বাবে একেদৰেই ৰমেন তালুকদাৰক কৰ্তব্যৰ গাফিলতিৰ অভিযোগত জিএমচিএইচৰ অধীক্ষকৰ চকীখনৰ পৰা আঁতৰোৱা হৈছিল। অৱশ্যে তেওঁৰ অনুপস্থিতিত ৬ মাহতে যেতিয়া চিকিৎসালয়খনৰ প্রশাসনিক অৱস্থাৰ অধপতন ঘটিল তেতিয়া পুনৰ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত অপসাৰিত লোকজনকে সেই দায়িত্ব চমজাই দিয়া হ'ল।

শেহতীয়া ঘটনাটো অলপ বেলেগ। কোৰোনাত আক্ৰান্ত বিএছএফৰ জোৱানৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল। তেওঁলোকৰ অভিযোগ আছিল চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকৰ গাফিলতিৰ বাবেই নিৰাপত্তা বাহিনীৰ লোকজনৰ মৃত্যু হৈছিল। স্বাভাৱিকতে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰ পাইছিলগৈ। লগে লগে পদবী গ'ল, চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অপসাৰিত হ'ল আৰু নিলম্বিত হ'ল চিকিৎসাৰ দায়িত্বত থকা বিভাগৰ মুৰব্বীজন। আকৌ এবাৰ কৰ্তব্যৰ গাফিলতিৰ অভিযোগত ডাঃ ৰমেন তালুকদাৰক অধীক্ষক পদৰ পৰা অপসাৰণ কৰাতে ক্ষান্ত নাথাকি লখিমপুৰত হ'ব লগা চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক ৰূপে বদলি কৰা হ'ল।

নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰিবলৈ গৈ পুৱাৰ পৰা শেষ নিশালৈকে ৫টাকৈ মহলা বগাই ফুৰা চিকিৎসকজনৰ কিছুদিন আগতে ৰাজহাঁড়ৰ অপাৰেশ্যন হৈছিল। তেতিয়াও খুব কম সময়ৰ বাবেহে জিৰণি লোৱা চিকিৎসক-প্ৰশাসকজন কৰ্তব্যৰ খাটিৰতে জিএমচিএইচলৈ ঘূৰি আহিছিল। ধনৰ লোভত অধীক্ষকৰ দায়িত্ব চম্ভালিবলৈ তেওঁ উদ্বাউল হৈ থকা বুলি ধাৰণা কৰাৰ থলো মই বিচাৰি পোৱা নাই। এবাৰ তেওঁৰ ঘৰলৈ মই গৈছো- দুৰ্দিনত খবৰ ল'বলৈ। নিচেই এটা সাধাৰণ ঘৰত তেওঁ বাস কৰে বুলিয়েই মই জানো। কিন্তু কিয় এনে এজন মানুহক দুবাৰকৈ দুখন চৰকাৰে কৰ্তব্যৰ গাফিলতিৰ অভিযোগত এনে শাস্তি প্ৰদান কৰিছে সেই কথা মোৰ বোধগম্য হোৱা নাই।

দুয়োবাৰ ৰমেন তালুকদাৰৰ অপসাৰণৰ পাছতে দেখিছো নতুনকৈ দায়িত্ব লোৱা অধীক্ষকজনে তালুকদাৰে সকলোৰে বাবে খুলি দিয়া দুৱাৰখন প্রথমে আহি বন্ধ কৰে। তাৰপাছত সলনি হয় অধীক্ষকৰ কোঠাটোৰ সাধাৰণ আচবাববোৰ। লাহে লাহে দেৱালৰ পৰা আঁতৰি যায় বিভিন্ন বিভাগত লগাই থোৱা চিচি কেমেৰাৰ মণিটৰবোৰ। আচলতে তেনে চিকিৎসক-প্ৰশাসকসকলহে দক্ষ আৰু উপযুক্ত নেকি? ৰমেন তালুকদাৰৰ দৰে নিৰহ নিপানিকৈ কাম কৰা চিকিৎসকৰ দিন উকলি গৈছে নেকি? অৰ্থাৎ সেৱাৰ মনোবৃত্তি উন্নত চিকিৎসা প্ৰণালীৰ প্ৰফেছনেলিজিমৰ দিনত সঁচাকৈ আউটডেটেড নেকি? আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত আমি কোন শ্ৰেণীৰ চিকিৎসকক স্মৰণ কৰা বা শ্ৰদ্ধা প্ৰদৰ্শন কৰা উচিত হ'ব? এই প্ৰশ্নটোৱে আজি মোক বাৰে বাৰে খুন্দিয়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in