লেখক মৌলানা ক্বাৰী নুৰুল ইছলামৰ মৃত্যুত টুকটুকীত শোক…

লেখক মৌলানা ক্বাৰী নুৰুল ইছলামৰ মৃত্যুত টুকটুকীত শোক…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কটহগুৰি নিবাসী তথা কটহগুৰি আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা ক্বাৰী নুৰুল ইছলামৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। ৬৪ বছৰীয়া ইছলাম একেধাৰে সমাজ কৰ্মী, কবি, শিশু সাহিত্যিক, দ্বিনী তালিমী ব'ৰ্ডৰ প্ৰশিক্ষক আছিল।

ইছলামে শিশু উপযোগী কেইবাখনো কবিতা পুথি ৰচনা কৰিছিল। তেওঁৰ জীৱনৰ ৪৫ বছৰ কাল মছজিদৰ ইমাম হিচাপে সেৱা আগবঢ়াইছিল। ইছলামৰ মৃত্যুত নগাঁও জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি আতাবুৰ ৰহমান, জমিয়ত উলামায়ে হিন্দৰ কটহগুৰি টুকটুকী আঞ্চলিক সমিতি, টুকটুকী আঞ্চলিক আমছু, টুকটুকী প্ৰেছ ক্লাৱ, টুকটুকী জিলা পৰিষদকে আদি কৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰে।

আজি নিশা দক্ষিণ কটহগুৰি জানপাৰ মছজিদ প্ৰাঙ্গনত পুত্ৰ মৌলানা বাহাৰুল ইছলামৰ ইমামতিত্বত সহস্ৰাধিক লোকৰ উপস্থিতত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, দুগৰাকী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in