শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

চিকিৎসাধীন বিশিষ্ট কবি, লোক-সাহিত্যৰ গৱেষক দিলীপ ফুকনঃ সুহৃদজনৰ সহায় বিচাৰি পৰিয়ালৰ কাতৰ আহ্বান

135

ডিজিটেল ডেস্কঃ বিশিষ্ট কবি, লোক-সাহিত্যৰ গৱেষক, ঔপন্যাসিক দিলীপ ফুকনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট ঔপন্যাসিকগৰাকী। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বিশিষ্ট কবিগৰাকী হৃদজনীত ৰোগত আক্ৰান্ত হৈ আছে। উল্লেখ্য যে, দীৰ্ঘকালে তেওঁ অসমীয়া সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়াই গৈছে।

৭০-৮০ দশকৰ পৰাই তেওঁ সাহিত্য চৰ্চাৰ সৈতে জড়িত হৈ আহিছে। সদৌ অসম কবি সন্মিলনীৰ ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ কবিও আছিল ফুকন। তেওঁৰ নাম নোলোৱাকৈ ৭০ দশকৰ পৰা বৰ্তমান লৈকে উৰ্বৰ কাব্য ইতিহাসৰ মূল্যায়ন প্ৰায় অসম্পূৰ্ণ বুলি ক’ব পাৰি। জটিল ৰোগত ভোগী থকা বিশিষ্ট সাহিত্যিকগৰাকীৰ হৃদপিণ্ডত দুটা ভালভ জৰুৰীভাৱে সংস্থাপন কৰিব লাগে। যাৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ৪ লাখ টকা।

তেওঁ বহু সৃষ্টিয়ে ইতিমধ্যে অগণন লোকৰ সমাদৰ কৰিবলৈ সক্ষম হৈছে। ফুকনৰ কবিতা সংকলন তথা গ্ৰন্থসম্ভাৰৰ কেইখনমান হৈছে, লোক জীৱনৰ মনোধ্বনি, দৈকোলা সাঁতোৰে য’ত, জলপদুমৰ পানচৈ ইত্যাদি। তেওঁ অসম সাহিত্য সভাৰ অন্তৰ্গত অৰুণাচলৰ কামেং সাহিত্য সভাৰ প্ৰতিষ্ঠাপকো আছিল।

৬৫ বছৰীয়া কবিগৰাকীক সুস্থ কৰি তোলাৰ বাবে পৰিয়ালক এতিয়া সহায়ৰ প্ৰয়োজন। কোনো লোকে সহায় কৰিব বিচাৰিলে জেপুলিন ফুকনৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ বজাৰ ইভিনিং শাখাৰ একাউন্ট নম্বৰ 31675441380ত সহায় কৰিব পাৰিব। এই একাউন্টৰ আইএফএচচি কোড -SBIN0007505। অথবা তেওঁৰ ফোন নম্বৰ 8011275083টো কোনো লোকে যোগাযোগ কৰিব পাৰিব। আপোনাৰ অলপমান সহায়ে তেওঁক জীৱন যুদ্ধত জয়ী হোৱাৰ সহায় কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি