শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান…

15,502

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত জিঅ’ গীগাফাইবৰ প্লান মুকলি কৰা আম্বানী পৰিয়াল ভাৰতৰ লগতে সমগ্ৰ এছিয়াৰেই আটাইতকৈ ধনী পৰিয়ালৰ ভিৰতৰত অন্যতম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰমেন মুকেশ আম্বানীৰ বাৰ্ষিক আয় ১৫ কোটি টকা। আৰু আম্বানী পৰিয়ালৰ বাৰ্ষিক মুঠ আয় ৫০.৪ বিলিয়ন অৰ্থাৎ ৫০,৪৪০ কোটি টকা। এই ধনৰাশিৰে আম্বানী পৰিয়াল ২০১৯বৰ্ষৰ বিশ্বৰ ধনী পৰিয়ালৰ তালিকাত নৱম স্থানত আছে।

কিন্তু বছৰী ইমানখিনি টকা উপাৰ্জন কৰা পৰিয়ালটো যদি বিশ্বৰ নৱম স্থানতহে থাকে, তেন্তে এই তালিকাৰ প্রথম স্থানত থকা পৰিয়ালটোৰ বাৰ্ষিক আয় কিমান সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব! ২০১৯বৰ্ষৰ বিশ্বৰ ধনী পৰিয়ালৰ তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকাস্থ ৱালমাৰ্ট ছুপাৰমাৰ্কেটৰ স্বত্তাধিকাৰৰ পৰিয়াল। পৃথিৱীৰ আটাইতকৈ অধিক ধন উপাৰ্জন কৰা এই ৱালমাৰ্ট পৰিয়ালটোৰ প্ৰতি মিনিটত আয় ৭০ হাজাৰ ডলাৰ অৰ্থাৎ ৪৯,৮৭,৬৭৫ কোটি টকা।

ব্লুমবাৰ্গে বিশ্বৰ ২৫টা আটাইতকৈ ধনী পৰিয়ালৰ এক তালিকা প্ৰস্তুত কৰিছে। আৰু এই তালিকাৰ প্ৰথম স্থানত আছে ৱালমাৰ্ট পৰিয়াল। এই পৰিয়ালটোৱে প্ৰতি ঘণ্টাত ৪ মিলিয়ন (২৮,৪৫,৬৮,০০০ টকা), প্ৰতিদিনত ১০০ মিলিয়ন (৭,১১,৪২,০০,০০০ টকা)উপাৰ্জন কৰে। ৱালমাৰ্ট আৰু আম্বানী পৰিয়ালৰ উপৰিও এই তালিকাত স্থান লাভ কৰিছে মাৰ্ছ পৰিয়াল, ফেৰাৰী পৰিয়াল আৰু হায়াট হোটেলৰ স্বত্তাধিকাৰৰ পৰিয়ালটোৱে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি