ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা ৰে’লৱে ব্ৰীজৰ কাম প্ৰায় সম্পূৰ্ণ…

ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা ৰে’লৱে ব্ৰীজৰ কাম প্ৰায় সম্পূৰ্ণ…

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰি থকা হৈছে ৰেল'ৱে ব্ৰীজ। জম্মু-কাশ্মীৰত নিৰ্মাণ কৰি থকা ৰে'লৱে ব্ৰীজখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় ৰে'লৱে মন্ত্ৰী পীয়ুষ গোৱেলে এই ৰে'লৱে ব্ৰীজখনক একধৰণৰ আজৱ ব্ৰীজ বুলি আখ্যা দি জম্মু-কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা ৪৭৬ মিটাৰ দীঘল এই দলংখনৰ ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। এই বিশেষ ব্ৰীজখনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ১২৫০ কোটি টকা।

টুইটাৰত ৰে'ল মন্ত্ৰী গোৱেলে লিখিছে-' Infrastructural Marvel in Making: Indian Railways is well on track to achieve another engineering milestone with the steel arch of Chenab bridge reaching at closure position. It is all set to be the world's highest Railway bridge.'

উল্লেখ্য যে, এই ৰে'লৱে ব্ৰীজখন বিশ্বৰ আজৱ বস্তুসমূহৰ এটা আইফিল টাৱাৰতকৈও ৩৫ মিটাৰ উচ্চ। তদুপৰি এই ব্ৰীজখনে ৮ প্ৰাবল্যলৈকে ভূমিকম্পৰ জোঁকাৰণি সহ্য কৰিব পাৰিব। এই দলংখনৰ সম্পূৰ্ণ দৈৰ্ঘ্যতা ১৩১৫ মিটাৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in