/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/taiwan1ul-copy.jpg)
ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোচিৰ সাম্ভাব্য এছিয়া ভ্ৰমণে লৈছে নতুন ৰূপ | নেন্সী পেলোচিৰ ইণ্ডো-পেছিফিক সুৰক্ষা আৰু অৰ্থনীতি সন্দৰ্ভত হ'ব লগীয়া এছিয়া ভ্ৰমণৰ সূচীয়ে সামৰি লৈছে টাইৱানকো ।
আন্ত:ৰাষ্ট্ৰীয় কুটনীতিবিদৰ মতে এই ভ্ৰমণৰ মূল উদ্দেশ্য আমেৰিকাৰ চীনৰ ওপৰত হেঁচা প্ৰদান টাইৱান এৰিবলৈ | যাৰ ফলস্বৰূপে চীনে আন্তৰ্জাতিক সীমাত মোতায়েন কৰে জলসেনা।
উল্লেখ্য, টাইৱান চৰকাৰো সাম্ভাব্য যুদ্ধৰ বাবে সাজু হৈছে,নেন্সী পেলোচিৰ ভ্ৰমণৰ পূৰ্বে টাইৱানৰ পথত দেখা গৈছে সেনাৰ কুছকাৱাজ।
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই পৃথিৱী কঁপাই থৈছে তেনে অৱস্থাত আন এখন সাম্ভাব্য যুদ্ধ কেৱল অপ্ৰয়োজনীয়েই নহয় বৰং অযুক্তিকৰো।
বাতৰি অনুসৰি সেনাৰ উচ্চ পদস্থ বিষয়া সকলক মাতি অনা হৈছে তৎকালীন প্ৰস্তুতিৰ বাবে। বিশ্ব দৰবাৰত আমেৰিকাৰ টাইৱানক স্বাধীন ৰাষ্ট্ৰৰ স্বীকৃতি প্ৰদানে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি সন্দেহ কৰা হৈছে।
আনহাতে চীনৰ বিদেশ মন্ত্ৰী ঝাও লিজানে কঠোৰ সকীয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰক | "পিপল্ছ লিবাৰেছন আৰ্মী" সমৰৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলি জানিবলৈ দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে |
১৯৪৯ চনত পৃথক হোৱাৰ পাছত টাইৱান আৰু চীন দুয়ো ৰাষ্ট্ৰই সময়ে সময়ে নিজৰ চৰকাৰক মুখ্য শাসক বুলি আহিছে।