আকৌ লংকা কাণ্ড ! দেশ এৰি পলাল ৰাষ্ট্ৰপতি, পদত্যাগ প্ৰধানমন্ত্ৰীৰ…

আকৌ লংকা কাণ্ড ! দেশ এৰি পলাল ৰাষ্ট্ৰপতি, পদত্যাগ প্ৰধানমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
আকৌ লংকা কাণ্ড ! দেশ এৰি পলাল ৰাষ্ট্ৰপতি, পদত্যাগ প্ৰধানমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ গণ অভ্যুত্থান সংঘটিত হোৱা শ্ৰীলংকাত অভাৱনীয় পৰিস্থিতি। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশ এৰি পলায়ন কৰাৰ পিছত এইবাৰ পদত্যাগ কৰিলে প্ৰধানমন্ত্ৰীয়ে। সৌ সিদিনাখন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী বিক্ৰম সিংহেও অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল।

Advertisment

উল্লেখ্য যে অভাৱনীয় মূল্যবৃদ্ধি, ইন্ধনৰ নাটনিকে ধৰি বিভিন্ন সমস্যাৰ বিৰুদ্ধে শ্ৰীলংকাত ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাৱ্যস্ত হৈ আছিল। শনিবাৰে এনে প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ দাবী কৰি চৰকাৰী বাসগৃহ দখল কৰিছিল।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি সাব্যস্ত কৰা এনে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীৰ ৰুদ্ৰৰূপ দেখি প্ৰাণৰ মমতাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে দেশ এৰি পলায়ন কৰিছে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহৰ ওপৰত চাপ বৃদ্ধি পাই আৰু তেওঁ পদত্যাগ কৰে। প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে কৈছিল যে, তেওঁ পদত্যাগ কৰিবলৈ সাজু কিন্তু চৰকাৰ গঠন কৰি সকলো দলে সংসদত সংখ্যাগৰিষ্ঠতা প্ৰমাণ নকৰালৈকে তেওঁ পদত্যাগ নকৰে।

উল্লেখ্যে যোৱা যোৱা মে' মাহত শ্ৰীলংতা সংঘটিত হোৱা ব্যাপক হিংসাত্মক প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়াৰ ভাতৃ তথা তেতিয়াৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেয়ে দেশ এৰি পলায়ন কৰিছিল। ইয়াৰ পিছতে ৰনিল বিক্ৰম সিংহে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।