৭ দিনৰ ভিতৰত নিৰ্বাচিত হ’ব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি…

৭ দিনৰ ভিতৰত নিৰ্বাচিত হ’ব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি…

author-image
asomiyapratidin
New Update
৭ দিনৰ ভিতৰত নিৰ্বাচিত হ’ব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্কঃ অহা ৭ দিনৰ ভিতৰত নিৰ্বাচিত কৰা হব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশ এৰি পলায়ন কৰাৰ পিছত বৃহস্পতিবাৰে ইমেইলৰ জৰিয়তে সংসদৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। এই পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে সংসদৰ অধ্যক্ষই।

Advertisment

অধ্যক্ষ মহিন্দা য়াপা আব্বাৱাৰ্ডেনে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে- গোটাবায়াই বৃহস্পতিবাৰে আইনীভাৱে পদত্যাগ কৰিছে। গোটাবায়া ৰাজপাক্ষেয়ে ছিংগাপুৰৰ পৰাই অধ্যক্ষক জনাইছিল যে, তেওঁ ৰাষ্ট্ৰপতিপদ ত্যাগ কৰিছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা মালদ্বীপৰ পৰা ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত গোটাবায়া ৰাজপাক্ষে পদত্যাগ পত্ৰ দাখিল কৰিছিল। ১৯৭৮ চনত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত ৰাজপাক্ষে শ্ৰীলংকাত পদত্যাগ কৰা প্ৰথম ৰাষ্ট্ৰপতি।

দেউলিয়া দেশৰ অৰ্থনীতি চম্ভালিব নোৱাৰাৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বৰ্ধিত জনসাধাৰণৰ ক্ষোভৰ মাজতে দেশ ত্যাগ কৰাৰ পিছত ৰাজপাক্ষে পদত্যাগ কৰিছে। বৃহস্পতিবাৰে ব্যক্তিগত ভ্ৰমণৰ বাবে ছিংগাপুৰে অনুমতি দিয়াৰ পিছতে ৰাজপাক্ষে অধ্যক্ষলৈ ইমেইলযোগে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

অধ্যক্ষজনে এক চমু বিবৃতিত কৈছিল যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিব। তেওঁ জনসাধাৰণক নিৰ্বাচনপ্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সকলো সাংসদৰ বাবে এক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই প্ৰক্ৰিয়াটো ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। শ্ৰীলংকাৰ সংসদৰ বৈঠক শনিবাৰে হ'ব।