ছিনজো আবেৰ হত্যা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ! বিশ্ব ৰাজনীতিত শোক, চীনত আনন্দ…

ছিনজো আবেৰ হত্যা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ! বিশ্ব ৰাজনীতিত শোক, চীনত আনন্দ…

author-image
asomiyapratidin
New Update
ছিনজো আবেৰ হত্যা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ! বিশ্ব ৰাজনীতিত শোক, চীনত আনন্দ…

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে তেওঁক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা এটা দশকত বিশ্ব ৰাজনীতিত ছিনজো আবে আছিল অতি গুৰুত্বপূৰ্ণ এগৰাকী ৰাজনৈতিক নেতা। তেওঁক এইদৰে হত্যা কৰাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

জাপানৰ ৰাজনৈতিক ইতিহাসত যিসকল লোক জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল সেইসকল ৰাজনৈতিক নেতাৰ ভিতৰত ছিনজো আবে আছিল অন্যতম। জাপানৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি ছিনজো আবেয়ে আটাইতকৈ বেছি সময়ৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল।

৮ জুলাই ২০২২, শুকুৰবাৰে এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি থকাৰ মাজতে ছিনজো আবেক দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ পিছত তেওঁৰ হাস্পতালত মৃত্যু হয়। ২০২০ চনত কোৰোনা সংক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰা ছিনজো আবেক নিৰাপত্তাৰ মাজত থকাৰ পিছতো দুৰ্বৃত্তই অতি কাষৰ পৰা বুকুত গুলীয়াবলৈ সক্ষম হৈছিল।

কোনে কিয় হত্যা কৰিলে আবেক?

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ লক্ষ্য কৰি কোনে আৰু কিয় চলালে গুলী? প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেক কিয় হত্যা কৰিলে দুৰ্বৃত্তই? এই প্ৰশ্নৰ উত্তৰ জাপানৰ প্ৰশাসনে এতিয়াও লাভ কৰা নাই যদিও অতি সহজেই যে এই প্ৰশ্নসমূহৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব সেয়া নিশ্চিত।

কিয়নো প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলী চালনা কৰাৰ পিছত দুৰ্বৃত্তই সেই স্থান এৰি পলাবলৈ চেষ্টা কৰা নাছিল। গুলীচালনা কৰি ভাৱ-লেখহীন ভাৱেই দৃৰ্বৃত্ত সেই স্থানত ৰৈ আছিল। যাৰ বাবে আৰক্ষীয়ে অতি সহজে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ছিনজো আবেক যিগৰাকী লোকে গুলীয়াইছে তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। য়ামাগামীয়ে ছিনজো আবেক গুলীওৱাৰ ক্ষেত্ৰত থ্ৰীডি প্ৰিণ্টেড বন্দুক ব্যৱহাৰ কৰিছিল। অৱশ্যে জাপানৰ প্ৰশাসনে এই বিষয়ে কোনো আনুস্থানিক তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই।

ছিনজো আবেৰ হত্যা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নেকি !

ছিনজো আবেক যি সময়ত গুলীয়াই হত্যা কৰা হ'ল এই সময়খিনি জাপানৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো জাপানত অহা ১০ জুলাইত অনুষ্ঠিত হ'ব সংসদীয় নিৰ্বাচন। জাপানৰ হাউচ অফ কাউঞ্চিলছৰ বাবে ১০ জুলাইত নিৰ্বাচন।

মুঠ ২৪৫ সদস্যৰে গঠিত হাউচ অফ কাউঞ্চিলছৰ ১২৪ খন আসনৰ বাবে ১০ জুলাইত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনৰ বাবেই প্ৰচাৰ চলাই থকাৰ মাজতে ৮ জুলাই ২০২২, শুকুৰবাৰে ছিনজো আবেক গুলীয়াই হত্যা কৰা হ'ল।

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গুলীওৱাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই সকলো কাৰ্যসূচী সামৰি টকিঅ'ত উপস্থিত হৈছে আৰু আবেৰ ওপৰত হোৱা আক্ৰমণক ঘৃণনীয় কাৰ্য বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী কিছিদাই এই আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰিছে।

অৱশ্যে এই আক্ৰমণক নিৰ্বাচনী হিংসা বুলি প্ৰত্যক্ষ ভাৱে ক'ব বিচৰা নাই ফুমিও কিছিদাই। কিন্তু এই আক্ৰমণক নিৰ্বাচনৰ সৈতে সম্পৰ্কিত বুলি অস্বীকাৰ কৰিব নোৱাৰি বুলিও মন্তব্য কৰা হৈছে। প্ৰশাসনৰ উচিত তদন্ত কৰাৰ পিছতে এই সম্পৰ্কে জানিব পৰা যাব।

প্ৰাধনমন্ত্ৰী কিছিদাই কি ক'লে?

ছিনজো আবেৰ উত্তৰসূৰী ফুমিও কিছিদাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ আক্ৰমণৰ ঘটনাক ঘৃণনীয় বুলি উল্লেখ কৰিছে। তেওঁ ছিনজো আবেৰ সুস্থ হৈ উঠক বুলিও প্ৰাৰ্থনা কৰিছিল। অৱশ্যে তেওঁৰ প্ৰাৰ্থনা অথলে গ'ল। কিছিদায়ই এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে গণতন্ত্ৰত এনে ধৰণৰ হিংসাৰ কোনো স্থান নাই বুলি উল্লেখ কৰিছে।

ৰাজধানী টকিঅ'ত এক আৱেগিক ভাষণ আগবঢ়াই ফুমিও কিছিদাই কয় এইদৰে- "নিৰ্বাচন চলি আছে। ইয়াক গণতন্ত্ৰৰ ভেটি বুলি কোৱা হয় আৰু এনে সময়ত এই ঘটনা সংঘটিত হৈছে। এইবোৰ বৰ্বৰ আৰু বিদ্বেষপূৰ্ণ আৰু ইয়াক সহ্য কৰিব নোৱাৰি। আমি যি পাৰোঁ সেয়া কৰিম আৰু এই আক্ৰমণক গৰিহণা দিবলৈ যিমান পাৰি সিমান শক্তিশালী শব্দ ব্যৱহাৰ কৰিব বিচাৰো।"

ছিনজো আবেয়ে কিয় এৰিছিল প্ৰধানমন্ত্ৰীৰ পদ

ছিনজো আবে জাপানৰ প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিলেও আজিও জনপ্ৰিয়। ২০১২ চনৰ পৰা ২০২০ চনলৈ একেৰাহে ছিনজো আবে জাপানৰ প্ৰধানমন্ত্ৰীৰ আসনত আছিল। ২০২০ত তেওঁ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল।

প্ৰথমবাৰৰ বাবে ২০০৬ চনত ছিনজো আবেয়ে জাপানৰ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু অসুস্থতাৰ বাবে মাত্ৰ এটা বছৰৰ পিছতে প্ৰধানমন্ত্ৰীৰ আসন ত্যাগ কৰিছিল। ২০২০ চনতো তেওঁ শাৰীৰিক অসুস্থতাৰ বাবেই ত্যাগ কৰিছিল প্ৰধানমন্ত্ৰীৰ পদ।

৫২ বছৰ বয়তে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা ছিনজো আবেৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ। দীৰ্ঘসময় ধৰি তেওঁ আলচাৰেটিভ কোলাইটিছৰ সমস্যাত ভূগি আছিল। এই ৰোগৰ বাবেই তেওঁ ২০০৬ ত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ এটা বছৰৰ পিছতে ২০০৭ত আৰু ২০২০ ত প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থা আ্ৰৰু অধিক অৱনতি ঘটিছিল।

জাপানৰ যুৱৰাজ আছিল ছিনজো আবে

জাপানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ছিণ্টাৰো আবেৰ পুত্ৰ ছিনজো আবেক জাপানৰ ৰাজনীতিত ৰাজকুমাৰ বুলি কোৱা হয়। তেওঁ এটা ৰাজনৈতিক পৰিয়ালৰ পৰাই আহিছিল। পৰিয়ালত আছিল ৰাজনীতিৰ প্ৰত্যক্ষ প্ৰভাৱ। পিতৃ বৈদেশিক মন্ত্ৰী হোৱাৰ উপৰিও তেওঁৰ ককাক নোবুচুকে কিছি জাপানৰ প্ৰধানমন্ত্ৰী আছিল।

ছিনজো আবে প্ৰথমবাৰৰ বাবে ১৯৯৩ চনত সাংসদ হৈছিল। ২০০৫ চনত তেওঁক প্ৰধানমন্ত্ৰী জুনিচিৰো কইজুমিৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। সেইবাৰ তেওঁক মুখ্য কেবিনেট সচিবৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল।

২০০৬ চনত, ছিনজো আবে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। কিন্তু এটাৰ পিছত এটা কেলেংকাৰীয়ে তেওঁৰ চৰকাৰক জুৰুলা কৰে। ইয়াৰ মাজতে তেওঁৰ শৰীৰত দেখা দিয়ে বিভিন্ন ৰোগে। যাৰ পৰিপ্ৰেক্ষিতত ২০০৭ চনৰ জুলাই মাহত তেওঁৰ দল লিবাৰেল ডেমক্ৰেটিক পাৰ্টি উচ্চ সদনত এক বৃহৎ ক্ষতিৰ সন্মুখীন হয়।

আৰু একেটা বছৰৰ ছেপ্টেম্বৰত শাৰীৰিক অসুস্থতাৰ দোহাই দি তেওঁ পদত্যাগ কৰে। ২০১২ চনত ছিনজো আবে পুনৰ প্ৰধানমন্ত্ৰীৰ আসনলৈ উভতি আহে। পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে তেওঁ দেশবাসীক অৱগত কৰে যে চিকিৎসাৰ পিছত, তেওঁ এতিয়া সম্পূৰ্ণৰূপে স্বাস্থ্যৱান।

২০১৪ আৰু ২০১৭ চনত তেওঁ পুনৰ প্ৰধানমন্ত্ৰী পদলৈ নিৰ্বাচিত হয়। যাৰ বাবে তেওঁ জাপানৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰীৰ আসনত থকা সময়ছোৱাত, ছিনজো আবেৰ জনপ্ৰিয়তা কেইবাবাৰো উঠা-নমা হৈছিল।

কিন্তু লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ ওপৰত আবেৰ শক্তিশালী দখল থকাৰ বাবে তেওঁৰক প্ৰত্যাহ্বান জনোৱাৰ বাবে বিকল্প কোনো নাছিল। কেৱল এয়াই নহয়, দলটোৱে তেওঁলোকৰ সংবিধান সংশোধন কৰি ছিনজো আবেক দলৰ মুৰব্বী হিচাপে তৃতীয় কাৰ্যকালৰ বাবে সুযোগ দিয়া হৈছিল।

২০২০ চনৰ আগষ্টত থিনজো আবেৰ শাৰীৰিক অৱস্থা আকৌ বেয়াৰ দিশে গতি কৰে। পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছিলগৈ যে তেওঁ নিজৰ কেবিনট তেজৰ বমিও কৰিছিল। অৱশ্যে এই খবৰ তেওঁৰ দলীয় সতীৰ্থই নস্যাত কৰিছিল। কিন্তু ১৭ আগষ্টত ছিনজো আবেক হাস্পতালত ভৰ্তি কৰোৱা হয়।

২৮ আগষ্টত ছিনজো আবেয়ে তেওঁৰ উত্তৰাধিকাৰী ঘোষণা নকৰাকৈয়ে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলীয় পদবীৰ পৰা পদত্যাগ কৰে। যাৰ বাবে ডেমক্ৰেটিক পাৰ্টিৰ ভিতৰচৰাত ক্ষমতাৰ বাবে কিছু খোৱা-কোমাৰাও লাগে। দলৰ মাজত সৃষ্টি হোৱা ক্ষমতা কেন্দ্ৰীক সংঘাটৰ মাজতে ফুমিও কিছিদা দলটোৰ নেতা নিৰ্বাচিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

জাপানৰ আছে ৰাজনৈতিক ৰক্তাক্ত ইতিহাস

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ হত্যাকাণ্ডই বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। ভাৰতৰ পৰা আৰম্ভ কৰি টাইৱানলৈ সকলো দেশৰ ৰাজনৈতিক নেতা তথা ৰাষ্ট্ৰনেতাই এই হত্যাকাণ্ডৰ প্ৰতিবাদ কৰাৰ লগতে নিন্দা জনাইছে। জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীফুমিও কিছিদাইয়ো এই হত্যাকাণ্ডৰ নিন্দা কৰিছে।

তেওঁ এই হত্যাকাণ্ডক গণতন্ত্ৰৰ পৰিপন্থি বুলি উল্লেখ কৰিছে। কিন্তু জাপানত এনেধৰণৰ হাই প্ৰফাইল হত্যাকাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও জাপানত সংঘটিত হৈছে এনে কিছু হাইপ্ৰফাইল হত্যাকাণ্ড।

১৯৩২ চনত জাপানৰ প্ৰধানমন্ত্ৰী ইনুকাই চুয়োশিকো হত্যা কৰা হৈছিল। তেওঁক এজন নৌসেনাৰ বিষয়াই হত্যা কৰিছিল। এইটো বিফল অভ্যুত্থানৰ অংশ আছিল। জাপনা সেই দেশবোৰৰ ভিতৰত এখন য'ত সাধাৰণ লোকক বন্দুক ৰখাৰ অনুমতি দিয়া হয় যদিও এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰা হৈছে।

ছিনজো আবেৰ মৃত্যুত চীনত আনন্দ

ছিনজো আবেৰ মৃত্যুত সমগ্ৰ বিশ্ব নেতা সকলে শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাক নিন্দা কৰিছে। চীন চৰকাৰৰ নেতায়ো এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি শোক প্ৰকাশ কৰাৰ লগতে এই হত্যাকাণ্ডক নিন্দা কৰিছে। কিন্তু চীনৰ এই শোক বা নিন্দা যেন বাহ্যিক ভাৱে প্ৰকাশ কৰা এক তথাকথিত প্ৰস্তাৱহে।

কিয়নো চীনত এতিয়া ছিনজো আবেৰ মৃত্যুত আনন্দ কৰাহে পৰিলক্ষিত হৈছে। চীনৰ সামাজিক মাধ্যম ৱেইবোত ছিনজো আবেৰ মৃত্যুৰ বাতৰিক লাইক কৰাৰ সংখ্যাই আজি সৰ্বাধিক। ৱেইবো চীনৰ সৰ্ববৃহৎ সামাজিক মাধ্যমৰ মঞ্চ। আনহাতে চৰকাৰ পন্থী চিচিটিভি টিকটকত ছিনজোৰ মৃত্যুত বহুতো উপহাসমূলক ভিডিঅ' পোষ্ট কৰা হৈছে।

ছিনজো আবেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰি আহিছিল। কিন্তু চীন আৰু আমেৰিকাৰ সম্পৰ্ক আজিৰ তাৰিখত কুমেৰু-সুমেৰু। ইয়াৰ বাবেই ছিনজোৰ প্ৰতি চীনালোকৰ মনত ঘৃণাৰ সৃষ্টি কৰিছে। আনহাতে চীনৰ সৈতে ছিনজো আবেয়ে বৰ ভাল সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰা নাছিল। ছিনজো আবেয়ে চীনক শত্ৰুৰ দৃষ্টিৰেই চাইছিল।

আনহাতে ছিনজো আবেয়ে জাপানৰ সামৰিক বাহিনীৰ প্ৰতিবন্ধকতা হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাইছিল। আনহাতে ছিনজো আবেয়ে যোৱা ফেব্ৰুৱাৰীত কৈছিল যে জাপানে পাৰমানৱিক বোমাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া নিষিদ্ধতা ভংগ কৰিব লাগে আৰু পাৰমাণৱিক অস্ত্ৰৰ ওপৰত সক্ৰিয় বিতৰ্ক আৰম্ভ কৰিব লাগে। এনেবোৰ কথাৰ বাবেই চীনে ছিনজো আবেৰ মৃত্যুত এতিয়া দেখুৱাই শোক প্ৰকাশ কৰিলেও সামাজিক মাধ্যমত আনন্দহে প্ৰকাশ কৰিছে।