/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/rishi-20.jpg)
ডিজিটেল ডেস্কঃ আজি ভাগ্য নিৰ্ণয় হ'ব ঋষি ছুনাকৰ। বৃটিছ প্ৰধানমন্ত্ৰীৰ দৌৰত থকা ভাৰতীয় বংশোদ্ভুত ঋষি ছুনাকে কনজাৰভেটিভ পাৰ্টীৰ নেতাৰ বাবে চলি থকা নিৰ্বাচনত ইতিমধ্যে চাৰিটা ৰাউণ্ডৰ নিৰ্বাচনৰ অন্তত ১১৮ টা ভোট লাভেৰে আটাইতকৈ আগত আছে।
উল্লেখ্য যে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগ কৰাৰ পাছতে বৃটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। বৃটেইনৰ প্ৰাক্তন বিত্তমন্ত্ৰীৰ দায়িত্ব চম্ভালা ঋষি ছুনাকে কনজাৰভেটিভ পাৰ্টীৰ নেতা নিৰ্বাচনৰ যুঁজত তৃতীয় ৰাউণ্ডৰ অন্তত ১১৫ টা ভোট লাভ কৰিছিল।
চতুৰ্থ ৰাউণ্ডৰ অন্তত তেওঁ লাভ কৰে ১১৮ টা ভোট। ছুনাকৰ নিটতম প্ৰতিদ্বন্দি বাণিজ্যমন্ত্ৰী পেনি মৰডেণ্ট। তেওঁ লাভ কৰিছে ৯২ টা ভোট। ইয়াৰ পিছতে আছে লিজ ট্ৰাছ। বৈদেশিক সচিব লিড ট্ৰাছে লাভ কৰিছে ৮৬ টা ভোট।
২০ জুলাই, ২০২২ বুধবাৰে এই নিৰ্বাচনৰ পঞ্চম তথা চূড়ান্ত ৰাউণ্ডৰ ভোটদান অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে তিনিওগৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা প্ৰধানমন্ত্ৰী আৰু কনজাৰভেটিভ পাৰ্টীৰ নেতা বাছনি কৰা হ'ব। উল্লেখ্য যে যে ঋষি ছুনাকে কনজাৰভেটিভ পাৰ্টীৰ মুঠ সাংসদৰ এক তৃতীয়াংশৰ সমৰ্থন লাভ কৰিছে ঋষি ছুনাকে।