ম্যানমাৰৰ প্ৰাক্তন সাংসদসহ ৪ ৰাজনৈতিক বন্দীক ফাঁচী জুণ্টা সামৰিক চৰকাৰৰঃ আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ নিন্দা…

ম্যানমাৰৰ প্ৰাক্তন সাংসদসহ ৪ ৰাজনৈতিক বন্দীক ফাঁচী জুণ্টা সামৰিক চৰকাৰৰঃ আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ নিন্দা…

author-image
asomiyapratidin
New Update
ম্যানমাৰৰ প্ৰাক্তন সাংসদসহ ৪ ৰাজনৈতিক বন্দীক ফাঁচী জুণ্টা সামৰিক চৰকাৰৰঃ আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ নিন্দা…

ডিজিটেল সংবাদ বেকাজানঃ সোমবাৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে " সন্ত্রাসবাদী কাৰ্য " সংঘটিত কৰাত সহায় কৰাৰ অভিযোগত এজন প্ৰাক্তন সাংসদ, এজন গণতন্ত্ৰ কৰ্মী আৰু আন দুজন ৰাজনৈতিক বন্দীক ফাঁচী দিয়ে । ম্যানমাৰৰ গ্ল'বেল নিউজৰ খবৰ অনুসৰি মৃত্যুদণ্ড দিয়াসকলৰ ভিতৰত আছিল উৎখাত নেতা আং চান চ্যু কিৰ নেশ্যনেল লীগ ফৰ ডেম'ক্ৰেচি দলৰ প্ৰাক্তন সাংসদ ফিয়' জেয়া থাউ আৰু কিয়া মিন ইউ ।

Advertisment

মৃত্যুদণ্ড দিয়া আন দুজন হ'ল হলা ম্যো আং আৰু আং থুৰা জাউ। এই চাৰিজন লোকক অতি গোপনীয় আৰু গভীৰভাৱে অন্যায় বিচাৰত সামৰিক আদালতে দোষী সাব্যস্ত কৰিছিল। উল্লেখ্য যে, জুন মাহত সামৰিক বাহিনীয়ে উৎখাত কৰা প্ৰাক্তন ষ্টেটকাউন্সিলৰ আং চান চ্যু কিৰ ৪১ বছৰীয়া বন্ধু কিয়া মিন ইউ (৫৩) আৰু ফয়' জেয়া থাউৱে এই শাস্তিৰ বিৰুদ্ধে আপীলত পৰাস্ত হৈছিল।

ইফালে ম্যানমাৰৰ সামৰিক জুণ্টা এই মানৱাধিকাৰ ভংগ কৰি প্রথমবাৰৰ বাবে মৃত্যুদণ্ড দিয়াক কাৰ্যক বিশ্বজুৰি ব্যাপক নিন্দা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ মুৰব্বী মিচেল বেচেলেটে কয় যে, এই নিষ্ঠুৰ আৰু পশ্চাদগামী পদক্ষেপে তেওঁক হতাশ কৰিছে"। তেওঁ লগতে কয়, "সামৰিক বাহিনীযৰ এনে হত্যাকাণ্ডই নিজেই সৃষ্টি কৰা সংকটক জটিলতা আৰু গভীৰ কৰি তুলিব।

উল্লেখযোগ্য যে জানুৱাৰী আৰু এপ্ৰিল মাহত ৰুদ্ধ কোঠাত হোৱা আদালতৰ বিচাৰত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা চাৰিওজন লোকে যোৱা বছৰ অভ্যুত্থান কৰি ক্ষমতা দখল কৰা সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দিয়াত বিদ্ৰোহীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু জুণ্টা চৰকাৰে বিৰোধীসকলৰ ওপৰত ৰক্তাক্ত দমন চলাইছিল।

ইফালে শাসকীয় জুন্টাই নিষিদ্ধ কৰা ছাঁয়া প্ৰশাসন ম্যানমাৰৰ নেচনেল ইউনিটি গভৰ্ণমেণ্টে (এনইউজি) ফাঁচীক গৰিহণা দি শাসকীয় সেনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। মানৱাধিকাৰ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ হিউমেন ৰাইটছৰ আঞ্চলিক সঞ্চালক আৰউইন ভ্যান ডেৰ বৰ্গটে কয় যে, এই মৃত্যুদণ্ডসমূহ স্বেচ্ছাচাৰীভাৱে জীৱন বঞ্চনাৰ সমান আৰু ই ম্যানমাৰৰ নৃশংস মানৱ অধিকাৰ অভিলেখৰ আন এক উদাহৰণ।

আন্তঃৰাষ্ট্ৰীয় সমাজে তৎক্ষণাত পদক্ষেপ ল'ব লাগিব কাৰণ একেধৰণৰ কাৰ্য্যবিধিত দোষী সাব্যস্ত হোৱাৰ পিছত ১০০ জনতকৈ অধিক লোকক মৃত্যুদণ্ডৰ শাৰীত থকা বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে, লগতে সন্ত্ৰাসবাদ বিৰোধী আইন উলংঘা কৰাৰ বাবে কো জিমি নামেৰে পৰিচিত ৫৩ বছৰীয়া গণতন্ত্ৰ কৰ্মী কিয় মিন ১৯৮৮ চনত সামৰিক শাসনৰ বিৰুদ্ধে হোৱা ব্যৰ্থ জনবিদ্ৰোহৰ প্ৰবীণ সৈনিক তথা ৮৮ জেনেৰেচন ষ্টুডেণ্টছ গ্ৰুপৰ অন্যতম নেতা আছিল ।

আনহাতে ২০০৭ চনত গঠন হোৱা জেনেৰেচন ৱেভ ৰাজনৈতিক আন্দোলনৰ সদস্য ফিয়ো জেয়া থাউ এজন হিপ-হপ সংগীতজ্ঞ আছিল। স্মৰ্তব্য যে বেচৰকাৰী সংস্থা এচিষ্টেন্স এছ'চিয়েশ্যন ফৰ পলিটিকেল প্ৰিজনাৰ্ছে শুকুৰবাৰে জনোৱা মতে, সামৰিক বাহিনীয়ে ম্যানমাৰ শাসন দখল কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে ২১১৪ জন সাধাৰণ নাগৰিকক হত্যা কৰিছে। ইয়াৰে ১১৫ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে।