অৱশেষত মৃত্যু হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ…

অৱশেষত মৃত্যু হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ…

author-image
asomiyapratidin
New Update
অৱশেষত মৃত্যু হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ…

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ছিনজো আবেয়ে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক এখন জনসভাত ভাষণ দি থকাৰ সময়তে বুকুত গুলীয়াইছিল দুৰ্বৃত্তই। ইয়াৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

Advertisment

উল্লেখ্য যে এখন নিৰ্বাচনী সভাৰ মঞ্চত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলীয়াই গুৰুতৰ ভাৱে আহত কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতে সংকটজনক অৱস্থাত ছিনজো আবেক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ছিনবো আবে জাপানৰ অন্যতম জনপ্ৰিয় এগৰাকী ব্যক্তি। জাপানৰ ইতিহাসত আটাইতকৈ কম বয়সত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে ছিনজো আবেয়ে। ২০২০ চনত কোৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিছিল।

জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ছিনজো আবেক যিগৰাকী লোকে গুলীয়াইছে তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। য়ামাগামীয়ে ছিনজো আবেক গুলীওৱাৰ ক্ষেত্ৰত থ্ৰীডি প্ৰিণ্টেড বন্দুক ব্যৱহাৰ কৰিছিল। অৱশ্যে জাপানৰ প্ৰশাসনে এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই।