
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সলক উদ্ধাৰৰ বাবে ইউক্ৰেইনৰ চুবুৰীয়া দেশলৈ যাব কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী। জানিব পৰা মতে কেন্দ্ৰীয়মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কিৰেন ৰিজিজু , জেনেৰেল ভি কে সিঙে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰি ভাৰতীয়সকলক উদ্ধাৰ কাৰ্য ত্বৰাম্বিত কৰি তুলিব।
উল্লেখ্য যে, ইউক্ৰেইনত অসামৰিক বিমান চলাচল বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক চুবুৰীয়া দেশসমূহলৈ বাছেৰে কঢ়িয়াই আনি ভাৰতলৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে কঢ়িয়াই আনিছে।
ইতিমধ্যে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীক কঢ়িয়াই অনা ৫ ম খন বিমান সোমবাৰে পুৱা নতুন দিল্লীত আহি উপস্থিত হৈছেহি। এই বিমানখনত ২৪৯ গৰাকী শিক্ষাৰ্থীক কঢ়িয়াই আনিছে। ইউক্ৰেইনৰ দাঁতি কাষৰীয়া ৰোমানিয়াৰ বুখাৰেষ্ট বিমনাবন্দৰৰ পৰা কঢ়িয়াই আনিছে। ভাৰতীয়সকলক ইউক্ৰেইনৰ পৰা কঢ়িয়াই অনাৰ ক্ষেত্ৰত বাছৰ সন্মুখত ভাৰতীয় পতাকা আৰি দিয়া হৈছে।
ইউক্ৰেইন-ৰাছিয়া সংকটৰ মাজতে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক চৰকাৰী বিষয়াসকলৰ সৈতে আগতীয়া সমন্বয় অবিহনে কোনো সীমান্ত চৌকি পৰিদৰ্শন নকৰিবলৈ পৰামৰ্শ দিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ মাজতে ইউক্ৰেইনত ১৫,০০০ তকৈও অধিক ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। 'অপাৰেচন গঙ্গা'ৰ জৰিয়তে এইসকল ভাৰতীয়ক তেওঁলোকক ঘৰলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এতিয়ালৈকে, এয়াৰ ইণ্ডিয়াৰ পাঁচখন বিমানেৰে শিক্ষাৰ্থীসহ ১১০০ ৰো অধিক ভাৰতীয় নাগৰিকক ভাৰতলৈ ঘূৰাই অনা হৈছে। অৱশ্যে, হাজাৰ হাজাৰ ভাৰতীয় এতিয়াও ঘৰলৈ উভতিবলৈ অপেক্ষা কৰি আছে।