বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু- শ্ৰীলংকাৰ বাহিৰে আৰু কোনে ভালকৈ বুজিব এই কথা…

বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু- শ্ৰীলংকাৰ বাহিৰে আৰু কোনে ভালকৈ বুজিব এই কথা…

author-image
asomiyapratidin
New Update
বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু- শ্ৰীলংকাৰ বাহিৰে আৰু কোনে ভালকৈ বুজিব এই কথা…

ডিজিটেল ডেস্কঃ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। এই কথা হয়তো ভাঙি পৰা অৰ্থনীতি কঢ়িয়াবলৈ অসমৰ্থ হৈ পৰা শ্ৰীলংকাই ভালকৈয়ে বুজি পাইছে। যি সময়ত বিশ্বৰ অন্যান্য দেশে শ্ৰীলংকাৰ ফালে এবাৰো ঘূৰি চোৱা নাই, তথাকথিত পৰম মিত্ৰৰ অভিনয় কৰা চীনে শ্ৰীলংকাৰ অৰ্থনীতি ধ্বংস হোৱাৰ পিছত খবৰ এটাও লবলৈ আহৰি পোৱা নাই তেনে সময়ত ভাৰতে সকলো ধৰণে সহায়ৰ হাত আগবঢ়াইছে শ্ৰীলংকালৈ।

Advertisment


— Bharat Petroleum (@BPCLimited) July 7, 2022

স্বাধীনতাৰ পিছত শ্ৰীলংকাই আটাইতকৈ দুৰ্যোগপূৰ্ণ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভূগিছে দেশখন। পেট্ৰ'ল, ডিজেলকে ধৰি সকলো ধৰণৰ ইন্ধনৰ অভাৱে জুৰুলা কৰিছে দেশখনক। এই মুহূৰ্তত দ্বীপ ৰাষ্ট্ৰখনে ইন্ধন ক্ৰয় কৰিবৰ বাবেও সাহস কৰিব পৰা নাই। কিয়নো তেওঁলোকৰ হাতত ধন নাই।

ইয়াৰ মাজতে ভাৰত চৰকাৰৰ মালিকানাধীন তেল আৰু গেছ অনুসন্ধানকাৰী আৰু উৎপাদক ভাৰত পেট্ৰ'লিয়ামে শ্ৰীলংকাৰ বিমানত ইন্ধন ভৰাই আকৌ এবাৰ সহায়ৰ হাত আগবঢ়াইছে। ভাৰত পেট্ৰ'লিয়ামৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এক টুইট কৰি কয় যে, তেওঁলোকে শ্ৰীলংকাৰ প্ৰায় ১০০ খন বিমানত ত্ৰিবান্দ্ৰম, চেন্নাই আৰু কোচি বিমানবন্দৰ ইন্ধন ভৰাই দিছে।

টুইটাৰত ভাৰত পেট্ৰ'লিয়ামে এখন ফটো আপলোড কৰি লিখিছে যে আমি শ্ৰীলংকান এয়াৰলাইনছক সমৰ্থন কৰি আনন্দিত হৈছো। ইয়াৰ উপৰিও ভাৰত পেট্ৰ'লিয়ামৰ ফালৰ পৰা কোৱা হৈছে যে- শ্ৰীলংকাৰ জেট ইন্ধনৰ অভাৱ দূৰ কৰিবলৈ এতিয়ালৈকে ত্ৰিবান্দ্ৰম, চেন্নাই আৰু কোচি বিমান বন্দৰত ১০০ খনতকৈও অধিক বিমানত ইন্ধন ভৰোৱা হৈছে।

উল্লেখ্য যে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহই প্ৰকাশ কৰা মতে ২০২১ চনৰ ৩১ মাৰ্চলৈকে শ্ৰীলংকান এয়াৰ লাইনছৰ ৫৪১ বিলিয়ন ডলাৰ ঋণত ডুগ গৈ আছে।