ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস পালন, ‘চেভ ৰাইনো, চেভ ওৰাং’ শ্ল”গানেৰে শিক্ষাৰ্থীৰ সজাগতা সমদল

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস পালন, ‘চেভ ৰাইনো, চেভ ওৰাং’ শ্ল”গানেৰে শিক্ষাৰ্থীৰ সজাগতা সমদল

ডিজিটেল সংবাদ, ওদালগুৰিঃ প্ৰতি বছৰে ২২ ছেপ্তেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে পালন কৰা হয়। অসমৰ দৰং-ওদালগুৰি জিলা সীমান্তৱৰ্তী ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো দেওবাৰে আৰম্বৰপূৰ্ণভাৱে বিশ্ব গঁড় দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি এই দিৱসৰ তাৎপৰ্য হিচাপে উদ্যানখনৰ সমীপৱৰ্তী কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীক লৈ 'গঁড় বচাওক, প্ৰকৃতি বচাওঁক' শ্ল'গানেৰে এক সমদল বাহিৰ কৰা হয়।

উদ্যান কৰ্তৃপক্ষৰ বাহনেৰে উদ্যানখনৰ পৰা ওৰাং চাৰিআলি হৈ পুনৰ উদ্যানখনলৈ উলিওৱা এই সমদলত শিক্ষাৰ্থীসকলে 'অসম গৌৰৱ এশিঙীয়া গঁড়ক ৰক্ষণাবেক্ষণ দিয়ক, গঁড় আমাৰ পৰিচয়, গঁড় আমাৰ সম্পদ, চেভ ৰাইনো-চেভ নেচাৰ, চেভ ওৰাং-চেভ ৰাইনো, চোৰাং চিকাৰী নিপাত যাওঁক' ইত্যাদি শ্ল'গান লিখিত প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

এই সমদলত অংশগ্ৰহণ কৰে চিৰাজুল হক হাইস্কুল, শিলবড়ী আৰু শিয়ালমাৰী হাইস্কুলৰ প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে। কাৰ্যসূচীত উপস্থিত থাকি উদ্যানখনৰ বন বিষয়া ৰমেশ কুমাৰ গগৈ আৰু শিলবড়ীৰ বিষয়া নিৰজ চৌধুৰীয়ে শিক্ষাৰ্থীসকলৰ সন্মুখত মত ব্যক্ত কৰি কয় যে এশিঙীয়া গঁড় হৈছে আমাৰ ৰাজ্যখনৰ গৌৰৱ। ইয়াক লৈ আমি বিদেশত আমাৰ পৰিচয় দাঙি ধৰিব পাৰো। এনে ধৰণৰ প্ৰাণী নোহোৱা হৈ গ'লে আমাৰ ৰাজ্যখনৰ অস্তিত্ব নোহোৱা হৈ যাব। সেয়েহে আমি আমাৰ এই সম্পদ তথা গৌৰৱক কেতিয়াও অনিষ্ট কৰা অনুচিত।

ৰাজ্যখনৰ প্ৰতিগৰাকী লোকে অসম গৌৰৱ এই জন্তুবিধক সুৰক্ষাৰ বাবে বনৰক্ষীসকলক সৰ্বোতপ্ৰকাৰে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। বিশ্ব গঁড় দিৱসৰ কাৰ্যসূচীত উদ্যানখনৰ বনকৰ্মীসকলৰ লগতে বহুতো স্থানীয় লোক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in