বিশ্ব ৰেডিঅ’ দিৱস আৰু হাচিম কাই…

243

ডিজিটেল সংবাদ,নাৰায়ণপুৰঃ আজি বিশ্ব ৰেডিঅ’ দিৱস । এই বিশেষ দিনটোত নাৰায়ণপুৰৰ এজন আজন্ম ৰেডিঅ’ প্ৰেমিকক চিনাকি কৰাই দিব খুজিছো। নাম আব্দুল হাচিম। পেচাত তেওঁ এগৰাকী ৰিক্সা চালক। বিশ্বায়নৰ কৱলত পৰি ক্ৰমে হেৰাই যাবলৈ ধৰা ৰেডিঅটো নহ’লে থাকিব নোৱাৰে ৰিক্সাৱলা হাচিম কাই। ৰেডিঅটো যেন হাচিম কাইৰ জনম জনম’ৰ লগৰী।
পুৱাই হাচিম কাইয়ে ৰিক্সাখন লৈ ওলাই আহে তাঁতিবাহাৰৰ নিজ গৃহৰ পৰা নাৰায়ণপুৰ নগৰ অভিমুখে । হয়টো কেতিয়াবা ভাগৰত ৰিক্সাৰ চকা থমকি ৰয়,তথাপি বন্ধ নহয় হাচিম কাইৰ ৰেডিঅ’টো। চকু মেলাৰ পৰা জপোৱালৈকে সাৰে থাকে ৰিক্সাৱালা হাচিম কাইৰ ৰেডিঅ’টো।

হাচিম কাইৰ ৰেডিঅ’ৰ পৰা ভাহি অহা লতা মংকেশকাৰৰ পৰা ভূপেন দালৈকে প্ৰতিটো যুগমীয়া গীতে এক অনন্য সোৱাদ দি আহিছে যাত্ৰীৰ লগতে সমগ্র নাৰায়ণপুৰ অঞ্চলত। হেৰাই যাব খোজা ৰেডিঅ’ৰ প্ৰেমিক হাচিম কায়ে মৃত্যু পৰ্যন্ত লগতে ৰাখিব খোজে মৰমৰ ৰেডিঅ’টো।

আনহাতে ৰিক্সাচালক হাচিম কাই আছে আন এক সুকীয়া পৰিচয় । দুখীয়াক সহায় কৰি ভাল পোৱা হাচিম কায়ে ৰিক্সা চলাই লাভ কৰা ধনেৰে সহায় কৰি আহিছে বহুতক । আজিৰ এই বিশেষ দিনটোত ৰেডিঅ’ৰ আজন্ম প্ৰেমীক ৰিক্সাচালক হাচিম কাইলৈ থাকিল আন্তৰিক অভিনন্দন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি