হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস পালন…

হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস পালন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত যোৱা বৃহস্পতিবাৰে হাটশিঙিমাৰী ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ নেতৃত্বত অঞ্চলটোৰ দুই শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়।

উল্লেখযোগ্য যে বিশ্ব জনসংখ্যা দিৱস উপলক্ষে দিনৰ ১১ বজাত হাটশিঙিমাৰীৰ দাফাদাৰপাৰা প্ৰাথমিক বিদ্যালয়ত এক আলোচনা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সেৱা যোজনাৰ হাটশিঙিমাৰী গোটৰ কাৰ্য্যকৰী বিষয়া আব্দুল কৰিম শেখৰ নেতৃত্বত অনুষ্ঠিত সভা খনৰ সভাপতিত্ব কৰে হাটছিঙিমাৰী মহাবিদ্যালয় অধ্যক্ষ বক্তিয়াৰ খিলজিয়ে। ভাষণৰ মহাবিদ্যালয় খনৰ উপাধ্যক্ষ জহিৰুল ইছলাম, ৰাজনীতি বিভাগৰ মুৰব্বী ডঃ শেখ সাদি মোল্লাকে ধৰি কেবাজন প্ৰবক্তা উপস্থিতি থাকে।ইফালে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্য ৰাষ্ট্ৰীয় সেৱা যোজনাৰ নেতৃত্বত অনুষ্ঠিত সভাখনত অঞ্চলটোৰ দুই শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।

এই সভাখনত ৰাইজক সজাগ কৰাৰ উদ্দেশ্য বেটি বচাও- বেটি পঢ়াও, বাল্য বিবাহ বন্ধ কৰক, অ, বন্ধাকৰণ সফল কৰক ইত্যাদি শ্লোগান দিয়া হয়। তদুপৰি উক্ত বিষয়বোৰৰ ওপৰত বিতংভাৱে আলোচনা কৰি সভাখনত উপস্থিত পুৰুষ মহিলাৰ মতামত লোৱা হয়। বিশ্ব জনসংখ্যা দিৱসৰ জৰিয়তে জন বিস্ফোৰণ বন্ধ কৰাৰ বিষয়ে সমাজৰ প্ৰতিজন ব্যক্তি আগবাঢ়ি আহিব লাগিব বুলি এন এছ এছ অৰ্থাৎ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ পৰা সকলোকে আহ্বান জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in