ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৱৰ্ল্ড হ’স্পিচ এণ্ড পেলিয়েটিভ ডে’ পালন, মিৰ্জাস্থিত হ’স্পিচ চেন্টাৰত স্বাস্থ্য পৰীক্ষা ৰোগীৰ…

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৱৰ্ল্ড হ’স্পিচ এণ্ড পেলিয়েটিভ ডে’ পালন, মিৰ্জাস্থিত হ’স্পিচ চেন্টাৰত স্বাস্থ্য পৰীক্ষা ৰোগীৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে দ্ৰুতহাৰত বৃদ্ধি পাইছে দুৰাৰোগ্যপ্ৰায় কৰ্কট ৰোগীৰ সংখ্যা। অসমতো শেহতীয়াকৈ অতি উদ্বেগজনক হৈ উঠিছে বিভিন্ন বয়সৰ এনে ৰোগী। এই ক্ষেত্ৰত একাংশ ৰোগীয়ে জীৱনৰ সুদীৰ্ঘকাল কৰ্কটত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসা কৰাৰ পাছতো অৱশেষত অন্তিম  দিন কেইটাত ভিতৰুৱা গাঁৱৰ আপোনপঁজাত বৰ্ণনাতীত যন্ত্ৰনা আৰু শুশ্ৰূষা বা চিকিৎসা অবিহনে মৃত্যুবৰণ কৰিব লগাত পৰে।

অসমতে নহয়, সমগ্ৰ বিশ্বতে এনে লোকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিছে। চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে এই সকলক সকাহ দিব পৰা নাই। একেদৰে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ৰাষ্ট্ৰব্যৱস্থায়ো যন্ত্ৰণাদায়ক মৃত্যুৰ দিশে নিঃসংগতাৰে গতি কৰা এনে লোকৰ মানৱীয় অধিকাৰ তথা অন্যান্য প্ৰাপ্য, সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত সন্তোষজনক পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।

এনে পৰিস্থিতিৰ পৰিৱৰ্তন আৰু ইয়াৰ বাবে গণ সজাগতা বৃদ্ধিৰ উদ্দেশ্যেই প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয়টো শনিবাৰে বিশ্ব আৱাস আশ্বাস আৰু শুশ্ৰূষাৰ দিৱস হিচাপে পালনৰ এক পৰম্পৰা আৰম্ভ হৈছিল। অসমত কৰ্কট ৰোগীৰ সংখ্যা বেছি হ'লেও দীপশিখা ফাউণ্ডেশ্যনে একমাত্ৰ স্বেচ্ছাসেৱী সংস্থা যিয়ে ৰাজ্যখনত জীৱনৰ অন্তিম সময়চোৱাৰ যন্ত্ৰণাৰ উপসম মনোবল বৃদ্ধি আৰু অতিকৈ প্ৰয়োজনীয় শুশ্ৰূষাৰ লগতে তদাৰকৰ ক্ষেত্ৰত আন আন কিছু সংস্থাৰ সহযোগত পদক্ষেপ গ্ৰহণ কৰি আহিছে। তৎসত্বেও ৰাজ্যখনত এতিয়াও সকলো চহৰতে এনে অনুষ্ঠান গঢ় লৈ উঠা নাই।

গুৱাহাটী মহানগৰীৰ মিৰ্জা সোণতলাত দীপশিখা হ'স্পিচ চেন্টাৰ স্থাপনেৰে এনে লোকসকলৰ লগতে অক্ষম হৈ পৰা পৰিয়ালৰ লোকসকলক সহযোগিতাৰ সাহস যোগাই আহিছে। এই ক্ষেত্ৰত নিশ্চিতভাৱেই ডাঃ কবিন্দ্ৰ ভাগৱতী আৰু ডাঃ দীনেশ গোস্বামীৰ অৱদান অনস্বীকাৰ্য। অৱশ্যে শেহতীয়াকৈ এই ক্ষেত্ৰত ৰাজ্যখনৰ চিকিৎসালয়সমূহেও শেহতীয়াকৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ লৈছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, শনিবাৰৰ পৰাই সমগ্ৰ বিশ্বত মাহজোৰাকৈ পালিত হৈছে বিশ্ব বক্ষ কৰ্কট দিৱস। আৰু ইয়াৰ আৰম্ভণিৰ দিনটোতে পালিত হৈছে বিশ্ব আৱাস, আশ্বাস আৰু শুশ্ৰূষা দিৱস। গুৱাহাটীত শনিবাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই দিৱস।

আৰম্ভণিৰ কাৰ্যসূচী হিচাপে পুৱা ৯.৩০ৰ পৰা ১০.৩০ বজালৈ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ উপস্থিতিত এই দিৱসৰ তাৎপৰ্য আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত এক সজাগতা সভাও অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সংলগ্ন কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বি চি গোস্বামী, অধীক্ষক ডাঃ কে ভূঞাৰ উপৰি অনুষ্ঠানত সহযোগী চিকিৎসক-চিকিৎসা কৰ্মীসকলো উপস্থিত থাকে।

সভাৰ মাজতে চিকিৎসালয়খনৰ ৰোগীসকলৰ মাজত ফল-মূল, মিঠাই আদিও বিতৰণ কৰা হয়। এঘন্টীয়া অনুষ্ঠানটোৰ পাছত কৰ্কট প্ৰতিষ্ঠানখনৰ চিকিৎসক সকলৰ এটা দল দীপশিখা ফাউণ্ডেশ্যন তত্বাৱধানত থকা মিৰ্জাস্থিত হ'স্পিচ চেন্টাৰত উপস্থিত হৈ ইয়াত থকা ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে বাৰ্তালাপতো মিলিত হয়। ইফালে, দীপশিখা ফাউণ্ডেশ্যনেও নিজাকৈ এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in