‘বিশ্ব হৃদ দিৱস’- জিএনআৰচি হাস্পতালৰ বিশেষ পদক্ষেপ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ জিএনআৰচি হাস্পতালে অহা ২৯ ছেপ্টেম্বৰত 'বিশ্ব হাৰ্ট দিৱস' উপলক্ষে হৃদযন্ত্ৰৰ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। সমাজৰ প্ৰতি গৰাকী ব্যক্তিক সজাগ কৰি নিজৰ হাৰ্টৰ সুৰক্ষাৰ বাবে নিজকে দায়ৱদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছেপ্টেম্বৰ মাহটোত অনুষ্ঠিত হ'বলগীয়া 'বিশ্ব হাৰ্ট দিৱস'ৰ লগত সংগতি ৰাখি প্ৰচাৰ মাধ্যমৰ বিভিন্ন অনুষ্ঠানত জিএনআৰচি হাস্পতালৰ কেবাগৰাকীও জ্যেষ্ঠ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে।

জিএনআৰচি হাস্পতালৰ হৃদৰোগ বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৱে কয়- 'তেজত অতিৰিক্ত এলডিএল কলেষ্টৰেল থকাৰ ফলত ধমনীত তেজৰ চলাচলত ব্যাঘাত জন্মে। এনে কলেষ্টৰেলক বেয়া কলেষ্টৰেল বুলি কোৱা হয়। ইয়াৰ বিপৰীতে এইচডিএল-য়ে ধমনীৰ পৰা কলেষ্টৰেল আঁতৰাই লিভাৰলৈ ঘূৰাই নিয়ে । তদুপৰি এইচডিএল-য়ে অতিৰিক্ত কলেষ্টৰেল মাত্ৰা নিয়ন্ত্ৰণ কৰি সাম্ভাব্য বিপদৰ পৰা মানুহক ৰক্ষা কৰে। সেয়ে ইয়াক ভাল কলেষ্টৰেল বুলি কোৱা হয়। ইয়াতে মনত ৰাখিব লাগিব যে এইচডিএলৰ পৰিমান কমি গ'লে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট পৰিমানে বাঢ়ি যায়। তথ্য অনুসৰি, তেজৰ কলেষ্টৰেলৰ পৰিমান কমিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে। আনহাতে, কলেষ্টৰেল পৰিমান পৰিমিত হ'লে এথেৰোস্কেৰোছিছ প্ৰতিৰোধ কৰিব পাৰি। সেয়েহে কলেষ্টৰেলৰ পৰিমান কম হ'লে খুবেই ভাল। উচ্চ কলেষ্টৰেল হাৰ্ট এটেকৰ প্ৰধান কাৰক।'

উল্লেখযোগ্য যে, বিশ্ব হাৰ্ট দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা এই সপ্তাহতে 'মাদাৰ্ছ অল্ড এজ হোম' আৰু 'গুৱাহাটী প্ৰেছ ক্লাৱ'ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in