আমাৰ কাহিনী কওঁকঃ বিশ্ব প্ৰতিবন্ধী দিৱসত কোনে কাক কৰিলে এই আহ্বান…

আমাৰ কাহিনী কওঁকঃ বিশ্ব প্ৰতিবন্ধী দিৱসত কোনে কাক কৰিলে এই আহ্বান…

ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষটোৱে সকলোৰে জীৱনৰ বিভীষিকাময় কৰি তুলিলে, বিশেষকৈ বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনত এই মহামাৰীৰ প্ৰভাৱ আটাইতকৈ ভয়াৱহ। ইয়ে তেওঁলোকৰ স্বাস্থ্য, সংস্থাপন আৰু সামগ্ৰিক জীৱনলৈ কঢ়িয়াই আনিলে অলেখ প্ৰত্যাহ্বানৰ। স্বাস্থ্য, সামাজিক জীৱন আৰু পাৰিপাৰ্শ্বিক বাধা, বৈচিত্ৰময় মানসিক জগত আৰু অগম্য অৰ্থনৈতিক আন্তঃগাঁথনিৰ ফলত তেওঁলোকেই আটাইতকৈ বেছি দুৰ্ভোগ ভূগিব লগা হৈছে কোৰোনাৰ দূৰ্বিসহ সময়ত।

৩ ডিচেম্বৰ বৃহস্পতিবাৰৰ দিনটো সমগ্ৰ বিশ্বই বিশ্ব প্ৰতিৱন্ধী দিৱস হিচাপে পালন কৰে। এই বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰইদিৱসটিৰ মূল বিষয়বস্তু নিৰ্বাচন কৰিছে "কোভিড ১৯ ৰ পিছত এখন বিকলাংগ সামৰ্থ্য, অভিগম্য আৰু বহনক্ষম পৃথিৱী নিৰ্মান আৰু পুনৰ সংৰচনা"। বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ সময়ত ইয়াৰ সাংস্কৃতিক গুৰুত্ব আৰু সামাজিক জীৱনত ইয়াৰ প্ৰাসংগিতাৰ ওপৰত লক্ষ্য ৰাখি বিষয়বস্তুটোক সমৰ্থন জনাইছে।

ই সামাজিক মাধ্যমযোগে এক গোলকীয় সচেতনতা বৃদ্ধি "আমাৰ কাহিনা কওঁক, আমাক অধিকাৰ সক্ষম কৰক" শীৰ্ষক অভিযানো আয়োজন কৰিছে। এই অভিযানে বিকলাংগ লোকসকলৰ ওপৰত মহামাৰী প্রভাৱ আৰু ডিজিটেলি সমাধানৰ তাৎক্ষণিক সঁহাৰিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in