বিশ্ব ডায়েবেটিচ দিৱস উপলক্ষে বিশেষ সজাগতা অনুষ্ঠান..

বিশ্ব ডায়েবেটিচ দিৱস উপলক্ষে বিশেষ সজাগতা অনুষ্ঠান..

ডিজিটেল ডেস্কঃ বিশ্ব ডায়েবেটিচ ফাউণ্ডেচনে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু পিৰামল স্বাস্থ্যৰ সহযোগত ১৪ নৱেম্বৰ ২০২১ দেওবাৰে অসমৰ ২৬ খন জিলাতেই বিশ্ব ডায়েবেটিচ দিৱসত বাৰ্ষিক গ্লোবেল ডায়েবেটিচ ৱাক অনুষ্ঠিত কৰিব। ফাউণ্ডেচনে ২০০৪ চনৰ পৰা গ্লোবেল ডায়েবেটিচ ৱাক পৰিচালনা কৰি আহিছে আৰু বিপাকীয় ৰোগৰ ওপৰত সজাগতা বৃদ্ধি কৰা বাৰ্ষিক অভিযানত ৫ নিযুতৰো অধিক লোকে অংশগ্ৰহণ কৰিছে।

গোলকীয় খোজকঢ়াৰ উপৰিও, দিনটো চিহ্নিত কৰাৰ বাবে, দেওবাৰে এক বিনামূলীয়া আৰ.বি.এছ. পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। ইয়াৰোপৰি ডায়েবেটিচৰ ওপৰত এক সজাগতা মূলক আলোচনা সভাও অনুষ্ঠিত কৰিছে। সেই অনুসৰি গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈকে পুৱা ৯ বজাত গ্লোবেল ডায়েবেটিচ ৱাক কাৰ্যসূচী অনুসৰি খোজ কাঢ়িব।

উল্লেখ্য যে, ১৯৯১ চনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ডায়েবেটিচ ফাউণ্ডেচন আৰু বিশ্ব স্বাস্থ্য সংস্থাই ১৪ নৱেম্বৰৰ পৰা বিশ্ব ডায়েবেটিচ দিৱস অনুষ্ঠিত কৰি আহিছে।১৯২১ চনত, ডাঃ ফ্ৰেডৰিক বেণ্টিং আৰু ডাঃ চাৰ্লছ বেষ্টে ইনচুলিন আৱিস্কাৰ কৰিছিল। ২০২১ বৰ্ষত ইনচুলিন আৱিষ্কাৰৰ ১০০ তম বাৰ্ষিকী উদযাপন কৰিব। এই বছৰ, বিশ্ব ডায়েবেটিচ দিৱস ২০২১-ৰ বিষয়বস্তু হৈছে "ডায়েবেটিচ যত্নৰ প্ৰৱেশাধিকাৰ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in