বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ, চাওক VIDEO…

বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ, চাওক VIDEO…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি এতিয়া বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ। যোৱা ৩০ মে'ৰ পৰা আৰম্ভ হোৱা বিশ্বকাপক লৈ যেন ক্ৰিকেট প্ৰেমী সকলৰ ব্যস্ততাৰ অন্ত নাই।

ইফালে বিশ্বকাপত টীম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰদৰ্শনে ক্ৰিকেট প্ৰেমী সকলৰ মাজত উছাহ দুগুণে বৃদ্ধি কৰিছে। বিশ্বকাপত বৰ্তমানৰ লৈকে জয়ৰ ধাৰা অব্যাহত ৰখা টীম ইণ্ডিয়াৰ প্ৰত্যোকজন ভাৰতীয়
খেলুৱৈ এতিয়া দেশবাসীৰ নয়নৰ মণি।

ৰোহিতৰ শতক

ভাৰতৰ প্ৰত্যোকখন মেচ উপভোগ কৰিবলৈ উত্তাৱল হৈ থকা ক্ৰিকেটপ্ৰেমী ভাৰতীয়সকলৰ উছাহ দেওবাৰে যেন দুগুণে চৰিল। কিয়নো বিশ্বকাপত সমুখ সমৰত নামিছে ভাৰত-পাকিস্তান। প্ৰতিকুল বতৰে কিছু ব্যাঘাত জন্মালেও খেলখনৰ প্ৰতি থকা আগ্ৰহ দমাব পৰা নাই।

সেয়েহে সকলো ক্ৰিকেটপ্ৰেমী ৰাইজে ঘৰত টিভিৰ সন্মুখত বহি থকাৰ উপৰিও সকলোৱে একগোট হৈ ৰাজহুৱাভাৱে স্কীণত খেল উপভোগ কৰাৰো পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহ'ল গুৱাহাটী মহানগৰীয়ো। মহানগৰৰ বিভিন্ন স্থানত স্কীণ লগাই একলগে খেল উপভোগ কৰিলে বহুতে। নিউ গুৱাহাটীৰ তিনিআলিত ক্ৰিকেটপ্ৰেমী ৰাইজে এল ই ডি স্ক্ৰীণ আৰি খেল উপভোগ কৰাৰ দৃশ্য-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in