বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বেট-বলৰ যুঁজত নামিবনে ভাৰত?

বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বেট-বলৰ যুঁজত নামিবনে ভাৰত?

ডিজিটেল ডেস্কঃ মাজত আৰু মাত্ৰ ১০০টা দিন। অহা ৩০ মে'ৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট বিশ্বকাপ ২০১৯। প্ৰথমখন খেলতে মুখামুখি হ'ব ইংলেণ্ড আৰু ছাউথ আফ্ৰিকা। লণ্ডনত অনুষ্ঠিত হ'ব এই খেলখন। ইতিমধ্যে উদ্যোক্তাসমিতিয়ে বিশ্বকাপৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে। এই বিশ্বকাপতে ১৬ জুনত আছে ভাৰত আৰু পাকিস্তানৰ খেল। পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত সংঘটিত হোৱা বৰ্বৰ আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে ব্যৱধান।

ভাৰতৰ ক্ৰিকেট জগতত আলোচনা হৈছে যে- পাকিস্তানে প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদীয়ে যিদৰে ভাৰতক আক্ৰমণ কৰিছে, তালৈ লক্ষ্য ৰাখি টীম ইণ্ডিয়াই বৰ্জন কৰিব লাগে এই খেলখন। কিন্তু এই ক্ষেত্ৰত ইণ্টাৰনেশ্যন ক্ৰিকেট কাউঞ্চিল চমুকৈ আই চি চিয়ে জনাইছে যে- বিশ্বকাপৰ তালিকাৰ কোনো সালসলনি নহয়।

ইফালে, বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদমাধ্যমৰ সন্মুখত কয়- 'যদি চৰকাৰে বিচাৰে তেন্তে ভাৰতে বৰ্জন কৰিব পাকিস্তানৰ সৈতে খেলিবলগীয়া সকলো খেল।' কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈ একো স্পষ্টকৈ ক'ব নোৱাৰি বুলিও মন্তব্য কৰে জ্যেষ্ঠ বিষয়াগৰাকীয়ে। তেওঁ সংবাদমাধ্যমৰ সন্মুখত কয়- 'যদি ভাৰত-পাকিস্তান এই বিশ্বকাপৰ ফাইনেলত মুখামুখি হয় আৰু ফাইনেল খেলখন যদি ইণ্ডিয়াই বৰ্জন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বিজয় হ'ব পাকিস্তান।' গতিকে এই ক্ষেত্ৰত সুক্ষ্ম দৃষ্টিভংগীৰে বিবেচনা কৰি আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, বিশ্বকাপ ২০১৯ত পাকিস্তানৰ সৈতে খেলিবলগীয়া খেলবোৰ বৰ্জন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল ক্ৰিকেটাৰ হৰভজন সিঙে। আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱ ৰিচাৰ্ডছনে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- 'এই ভয়াৱহ ঘটনাই প্ৰভাৱিত কৰা সকলো লোকৰ প্ৰতি আমাৰ সহানুভূতি আছে। আমি এনেকুৱা একো কাম নকৰো যিয়ে তেওঁলোকক মানসিকভাৱে কষ্ট দিব। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে, ক্ৰিকেট হৈছে এনে এবিধ খেল যিয়ে শত্ৰুতাৰ ব্যৱধান হ্ৰাস কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে।'

আনহাতে, বি চি চি আই এজন বিষয়াই হৰভজন সিঙৰ দাবীক নস্যাৎ কৰি কয়- 'তেওঁ কাল্পনিক ঘটনাৰ ওপৰত ভিত্তি কৰি এই দাবী কৰিছে। যদি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেল অথবা ফাইনেল নেখেলে, তেন্তে বিশ্বকাপত জয়ী হ'ব পাকিস্তান। আমি মনত ৰখা উচিত যে, ১৯৯৯চনৰ বিশ্বকাপৰ সময়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিছিল, যি সময়ত কাৰ্গিল যুদ্ধই চৰম পৰ্যায় পাইছিল।'

এইদৰে পুলৱামাৰ ঘটনাই জোকাৰি গৈছে বিশ্বৰ ক্ৰীড়া জগতখনো। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in