‘ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল সুকলমে অন্ত পৰাৰ আশা কম…’

‘ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল  সুকলমে অন্ত পৰাৰ আশা কম…’

ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন ছেমি ফাইনেলৰ বাকী থকা অংশ আজি অনুষ্ঠিত হ'ব। বৰষুণৰ বাবে খেল চলি থকাৰ মাজতেই স্থগিত ৰখা হৈছিল মেচখন। প্ৰথমে নিউজিলেণ্ডে বেট ধৰি ৫ উইকেটৰ বিনিময়ত ৪৬.১ অভাৰত সংগ্ৰহ কৰিলে ২১১ ৰান। বুধবাৰৰ দিনৰ ৩ বজাৰ পৰা এই ৪৬.১ অভাৰৰ পৰাই পুনৰ আৰম্ভ হ'ব মেচখন। কিন্তু এতিয়াও বতৰে বিপাঙত পেলাইছে আয়োজকক।

weather.com মতে' খেল অনুষ্ঠিত হোৱা মানচেষ্টাৰত ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আকাশ ডাৱৰে ঢাকি ৰাখিব। কিন্তু পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ বতৰ যথেষ্ট উন্নত হ'ব বুলি জানিবলৈ দিয়ে weather.comয়ে । কিন্তু নিশা ৮ বজাৰ পৰা পুনৰ বৰষুণৰ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। মানচেষ্টাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, খেল খন সুকলমে অন্ত পৰাৰ আশা কম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in