বিশ্বকাপৰ বাবে আমি সাজু, জয় আমাৰ একমাত্ৰ লক্ষ্যঃ বিৰাট কোহলী…

বিশ্বকাপৰ বাবে আমি সাজু, জয় আমাৰ একমাত্ৰ লক্ষ্যঃ বিৰাট কোহলী…

ডিজিটেল ডেস্কঃ ৩০ মে'ৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ ক্ৰিকেট ২০১৯। ইতিমধ্যে প্ৰায় সাজু হৈছে সকলো দল। টীম ইণ্ডিয়াই ইংলেণ্ডলৈ উৰা মৰাৰ পূৰ্বে মঙলবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে সম্বোধন কৰে এখন সংবাদমেল। অধিনায়ক বিৰাট কোহলীয়ে সংবাদমেলত কয়- ৩০ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া এই বিশ্বকাপ মোৰ আৰু দলৰ বাবে সবাতোকৈ প্ৰত্যাহ্বানমূলক বিশ্বকাপ। এইবাৰ বিশ্বকাপত ভাগ ল'বলগীয়া সকলো দলেই অতি শক্তিশালী আৰু তেওলোকক পৰাজয় কৰাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব।

অধিনায়ক গৰাকীয়ে লগতে কয়-' আমাৰ অধিক খেল ইংলেণ্ডতে হোৱাৰ সম্ভাৱনা আছে। আমি প্ৰতিখন মেচেই ভালকৈ খেলিবলৈ যত্ন কৰিম। প্ৰথমখন খেলৰ পৰাই আমি যোগাত্মক চিন্তাৰে খেলিম, আমাৰ লক্ষ্য হ'ব প্ৰতিখন মেচত জয়ী হোৱা।'

সংবাদমেলত বিশ্বকাপকলৈ দলৰ সদস্য সকলক উদ্দেশ্যি অধিনায়ক কোহলীয়ে কয় ' বিশ্বকাপত যথেষ্ট চাপ থাকে, তাৰ সৈতে মোকাবিলা কৰাটোহে আচল কথা। আমাৰ সকলো সদস্য আছে, কোনো ভাগৰুৱা নহয়।' সংবাদমেলত কোহলীয়ে আফগানিস্তানক উদাহৰণ হিচাপে লৈ কয় ' এইবাৰ সকলো দল শক্তিশালী, ইয়াৰ উদাহৰণ হিচাপে আপোনালোকে আফগানিস্তানলৈ চাব পাৰে। প্ৰথমে কি দল আছিল আৰু এতিয়া কি পৰ্যায়ত আছে। গতিকে আমি সৰ্বশক্তি প্ৰয়োগ কৰি বিশ্বকাপত অৱৰ্তীণ হম, সকলো আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিছো।'

আনহাতে সংবাদমেলত উপস্থিত থকা ভাৰতীয় ক্ৰিকেট দল প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয়- বিশ্বকাপত যিকোনো দলে কোনো দলক হৰুৱাব পাৰে। আমি বিশ্বকাপৰ সকলো পৰিস্থিতিৰ আনন্দ ল'ম। আমি যদি ভালকৈ খেলো, তেন্তে বিশ্বকাপ আমাৰ হ'ব।' প্ৰশিক্ষকগৰাকীয়ে লগতে কয়- বিশ্বকাপত কেৱল এটা দলৰ বিৰুদ্ধে ভাল খেলিলে নহ'ব, আমি আৰম্ভণিৰ পৰাই ভাল প্ৰদৰ্শন কৰিব লাগিব। ইফালে ভাৰতীয় দলৰ সদস্য কেদাৰ যাদৱৰ সন্দৰ্ভত শাস্ত্ৰীয়ে কয় ' যাদৱ এতিয়া সম্পূৰ্ণ সুস্থ হৈ দলৰ লগত আছে।'

ৰবি শাস্ত্ৰীয়ে সংবাদমেলত মহেন্দ্ৰ সিং ধোনী দলৰ সদস্য হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। উল্লেখ্য যে, বিশ্বকাপত ভাৰতৰ প্ৰথমখন খেল ৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব। বৰ্তমানৰলৈকে ভাৰতবৰ্ষই ১৯৮৩ আৰু ২০১১ চনত জয়ী হৈছে বিশ্বকাপত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in