ষ্টেডিয়ামত ভাৰতীয় দলৰ সমৰ্থকৰ ৰূপত এগৰাকী ৮৭ বছৰীয়া আইতা, ৰোহিত-কোহলিয়েও তুলিলে ফটো, চাওঁক VIDEO

ষ্টেডিয়ামত ভাৰতীয় দলৰ সমৰ্থকৰ ৰূপত এগৰাকী ৮৭ বছৰীয়া আইতা, ৰোহিত-কোহলিয়েও তুলিলে ফটো, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশৰ মঙলবাৰৰ মেচৰ মাজতে দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল এগৰাকী মহিলা। ৮৭ বছৰ বয়সৰ মহিলা গৰাকীৰ নাম চাৰুলতা পেটেল। ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত দৰ্শকৰ শাৰীত দেখিবলৈ পোৱা বৃদ্ধাগৰাকী ষ্টেডিয়ামত উপস্থিত থাকি খেল চোৱা দৰ্শক সকলৰ সমান্তৰালকৈ টুইটাৰতো এক জনপ্ৰিয় চৰিত্ৰ হৈ পৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থকগৰাকীক খেলৰ অন্তত কেইবাগৰাকী ভাৰতীয় খেলুৱৈয়ে সাক্ষাৎ কৰি মত বিনিময় কৰে।

অধিনায়ৰ বিৰাট কোহলি, হিট মেন ৰোহিতৰ লগতে আন কেইবাজনো খেলুৱৈয়ে সাক্ষাৎ কৰি আলিংগন কৰা মহিলাগৰাকীৰ ফটো অতি কম সময়ৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মঙলবাৰৰ খেলখন প্ৰত্যক্ষ কৰি চাৰুলতা পেটেলে কয় যে, এইবৰ্ষৰ ৱৰ্ল্ডকাপত ভাৰতৰ জয় হ'ব। তেওঁ লগতে কয়, প্ৰথমবাৰৰ বাবে সেই সময়ৰ অধিনায়ক কপিল দেৱৰ নেতৃত্বত ১৯৮৩চনত ভাৰতে ক্ৰিকেট বিশ্বকাপত অংশ লওতেও তেওঁ খেল পথাৰত উপস্থিত থাকি খেল প্ৰত্যক্ষ কৰিছিল।

ইফালে খেল শেষ হোৱা কেইমুহূৰ্তমানৰ পিছতে ৰোহিত শৰ্মা, কোহলিৰ লগতে আন কেইবাজনো খেলুৱৈয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে মহিলাগৰাকীৰ ফটো। উল্লেখ্য যে, মঙলবাৰৰ খেলখনৰ পিছতে ১৩ পইণ্টেৰে ২০১৯ বৰ্ষৰ ক্ৰিকেট বিশ্বকাপৰ পইণ্টৰ তালিকাৰ দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in