লোক সংগীতৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে বিশ্ব স্তন পান দিৱস পালন…

লোক সংগীতৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে বিশ্ব স্তন পান দিৱস পালন…

ডিজিটেল সংবাদ ঢকুৱাখনা: এক ব্যতিক্ৰমী আৰু অগতানুগতিক পদ্ধতিৰে  চৰকাৰী সজাগতামূলক  অনুষ্ঠান অনুষ্ঠিত কৰি শত শত মহিলা আৰু অভ্যাগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল ঢকুৱাখনা সমাজ কল্যান বিভাগ । বিশ্ব স্তন পান সপ্তাহ উপলক্ষত ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৭ নং চাৰ্কুলৰ বকুলগুৰি চেক্টৰৰ  ভিতৰ টেকেলিফুটা অংগনৱাদী কেন্দ্ৰৰ  উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এই ব্যতিক্ৰমী অনুষ্ঠান ।

চক্ৰটোৰ অন্তৰ্গত ২৮ টা কেন্দ্ৰৰ  শতাধিক মাতৃ , শিশুৰ মাজত স্তন পাণৰ প্ৰয়োজনীয়তা আৰু স্বাস্থ্য সন্মত দিশটো প্ৰচাৰৰ বাবে  দেওবাৰে আয়োজন কৰা হয় এই মনোজ্ঞ সজাগতা সভা। ভিতৰ টেকেলিফুটা মুৰং অক্কুম প্ৰাংগণত আয়োজিত  স্তন পান দিৱসৰ কাৰ্যসূচীৰ সঞ্চালনা কৰে সাংস্কৃতিক কৰ্মী উত্তম দলেয়ে। 

বিশিষ্ট লোক সংগীত ৰত্ন মাধৱ কৃষ্ণ দাসৰ সুমধুৰ গীত, শ্ৰুতিমধুৰ বাঁহীৰ মূৰ্ছনাত জীপাল হোৱা অনুষ্ঠানত মাতৃ দুগ্ধ পানে নবজাতক শিশুৰ শাৰীৰিক আৰু মনস্তাত্বিক দ্ৰুত বিকাশ কিদৰে সম্ভৱ তাক বিশ্লেষণ কৰে সমাজ কল্যান বিভাগৰ মুখ্য সেৱীকা মিনু দাসে। জনাকীৰ্ণ সজাগতা সভাত লোক সংগীত শিল্পী তথা মুখ্য সেৱীকা মিনু দাসৰ স্তন পানৰ প্ৰাসংগিকতাকলৈ ৰচিত সজাগতা গীত, লোক গীত , ভিতৰ টেকেলিফুটা গুমৰাগ নৃত্য দলৰ গুমৰাগ নৃত্য  , টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক তথা মিচিং আৰ্টিষ্ট এছোচিয়েচনৰ বিষয় ববীয়া ৰাজ কুমাৰ পেগুৰ গীত পৰিবেশন, নন্দিতা দলেৰ একক নৃত্য , ৰানা প্ৰতিম দলেৰ নৃত্য , সম্প্ৰীতি লাগাচু আৰু সংগীবৃন্দৰ নৃত্যই জীপাল কৰি তোলা অনুষ্ঠানত মাতৃ দুগ্ধ পানে শিশুক প্ৰদান কৰি অহা বিভিন্ন ৰোগৰ প্ৰতিষেধকৰ ভূমিকা এই ক্ষেত্ৰত মাতৃ সকলৰ সচেতনতা সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰে সভাৰ সঞ্চালক উত্তম দলেয়ে  ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in