বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলীনাৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলীনাৰ

ডিজিটেল ডেস্কঃ পুনৰ বিশ্ব পৰ্যায়ত জিলিকি উঠিল অসমৰ লাভলীনা৷ দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ লাভলীনা বৰগোহাঁইয়ে মঙলবাৰে ৬৯ কেজি শাখাত খেলি জয়লাভ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ লগে লগে বক্সি খেলুৱৈগৰাকীৰ পদক অৰ্জন নিশ্চত হৈ পৰিছে৷ মঙলবাৰে অনুষ্ঠিত ৬৯ কেজি শাখাত খেলত লাভলীনাই অষ্ট্ৰেলিয়াৰ ফ্ৰান্সেছ স্কটক ৫-০ পইণ্টত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in