ভাৰতৰ ক’ত নিৰ্মাণ হৈছে বিশ্বৰ সবোতোকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়াম, চাওক PHOTO…

ভাৰতৰ ক’ত নিৰ্মাণ হৈছে বিশ্বৰ সবোতোকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়াম, চাওক PHOTO…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ বৃহৎ ক্ৰিকট ষ্টেডিয়াম বুলি কলে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ আৰু ভাৰতবৰ্ষৰ ইৰ্ডেন ক্ৰিকেট ষ্টেডিয়াম কথাই মনলৈ আহে, কিয়নো বৰ্তমানৰ লৈকে সমগ্ৰ বিশ্বৰ বৃহৎ ষ্টেডিয়ামখনেই হ'ল মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়াম। কিন্তু শেহতীয়াকৈ মেলবৰ্ণৰ এই ষ্টেডিয়ামতকৈ এটা বৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম চলি আছে ভাৰতবৰ্ষত। ষ্টেডিয়ামটোৰ নিৰ্মাণৰ কাম চলি আছে গুজৰাটৰ আহমেদাবাদত।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ড্ৰীম প্ৰজেক্ট হিচাপে আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামক নতুনকৈ নিৰ্মাণ কৰি বিশ্বৰ সবাতোকৈ বৃহৎ ষ্টেডিয়াম হিচাপে নিমাৰ্ণ কৰা হ'ব। ইতিমধ্যে ষ্টেডিয়ামৰ কাম-কাজ আৰম্ভ হৈছে। প্ৰায় ৬৩ একৰ মাটিত ৭০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই ষ্টেডিয়ামটো। ২০১৯ৰ শেষৰফালে নিমাৰ্ণকাৰ্য সম্পূৰ্ণ হ'ব ষ্টেডিয়ামটোৰ।

ইয়াৰ পাছতে অষ্ট্ৰেলিয়াক চেৰ পেলাই বিশ্বৰ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ গৰাকী হ'ব ভাৰত। উল্লেখ্য যে, মেলবৰ্ণ ষ্টেডিয়ামত একেলগে ১.০৪ লাখ দৰ্শকে বহি খেল উপভোগ কৰিব পাৰে, ইয়াৰ বিপৰীতে আহমেদাবাদৰ এই ষ্টেডিয়ামত একেলগে বহি খেল উপভোগ কৰিব পাৰিব ১.১০ লাখ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in